Home Daily news কোম্পানীৰ নতুন কৌশল বহু সামগ্ৰীৰ দাম একে ৰাখি ওজন হ্ৰাস

কোম্পানীৰ নতুন কৌশল বহু সামগ্ৰীৰ দাম একে ৰাখি ওজন হ্ৰাস

বজাৰত এতিয়া সকলো সামগ্ৰীৰে দাম বৃদ্ধি পাইছে৷ কিন্তু এনে সময়তো কিছুমান সামগ্ৰীৰ দাম একেই আছে৷ পিছে দাম একে থাকিলেও আপুনি নজনাকৈয়ে কোম্পানীসমূহে উক্ত সামগ্ৰীসমূহৰ প্ৰতিটো পেকেটৰে ওজন হ্ৰাস কৰিছে৷  
পাৰ্লি-জি বিস্কুটৰ পৰা আৰম্ভ কৰি বাচন ধোৱা ভিমবাৰ  চাবোনলৈকে  প্ৰায় সকলো সামগ্ৰীৰে পেকেটৰ ওজন হ্ৰাস পাইছে৷ কোম্পানীসমূহে এনেদৰে কৌশলেৰে দাম একে ৰাখি সামগ্ৰীৰ ওজন হ্ৰাস কৰাৰ ফলত সাধাৰণ জনতাৰ মূৰত মাধমাৰ পৰিছে৷ 
উদাহৰণ স্বৰূপে পাঁচ টকীয়া পাৰ্লি-জিৰ এটা পেকেটৰ ওজন পূৰ্বতে ৬৪ গ্ৰাম আছিল যদিও এতিয়া হ্ৰাস কৰা হৈছে ৫৫ গ্ৰামলৈ৷ আনহাতে এটা পেকেটত ১৩খন বিস্কুট পোৱা গৈছিল যদিও এতিয়া পোৱা যায় ১১খন বিস্কুটহে৷ একেদৰে কলগেটৰ দহ টকীয়া টুথপেষ্টৰ ওজন হ্ৰাস পাইছে সাত গ্ৰামকৈ৷ 
পূৰ্বতে যিটো পেকেটৰ ওজন আছিল ২৫ গ্ৰাম, এতিয়া হৈছেহি ১৮ গ্ৰাম৷ এশ টকীয়া কেডবেৰিজ চকলেটৰ দাম একেই আছে যদিও ওজন কিন্তু অভাৱনীয়ভাৱে হ্ৰাস কৰা হৈছে৷ পূৰ্বতে যিটো চকলেটৰ ওজন ১৫০ গ্ৰাম আছিল এতিয়া সেই একেই চকলেটৰ ওজন হৈছে ১০০ গ্ৰাম৷ দহ টকীয়া বিকাজি ভুজিয়াৰ পেকেটৰ পূৰ্বতে এটা পেকেটৰ ওজন ৮০ গ্ৰাম আছিল যদিও এতিয়া অভাৱনীয়ভাৱে ৪০ গ্ৰামলৈ হ্ৰাস কৰা হৈছে৷ 
একেদৰে ডাৱৰ আমলা তেলৰ বিছ টকীয়া বটলটোত থকা তেলো ২৫ মিলি লিটাৰ কৰ্তন কৰিছে কোম্পানীটোৱে৷ ৪০ টকীয়া ডেটল হেণ্ড ৱাশ্বৰ পেকেটৰ ওজনো পূৰ্বৰ ২০০ মিলি লিটাৰৰ পৰা ১৭৫  মিলি লিটাৰলৈ হ্ৰাস পাইছে৷ কিন্তু এইবোৰ সামগ্ৰীৰ দাম পূৰ্বৰ দৰে একেই আছে৷ সাধাৰণ জনতাই ওজনতকৈ সদায়ে দামৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰে৷ 
সেয়েহে সামগ্ৰী প্ৰস্তুত কৰা কোম্পানীসমূহে দাম বৃদ্ধি নকৰি সামগ্ৰীসমূহৰ ওজন হ্ৰাস কৰাৰ কৌশল গ্ৰহণ কৰিছে৷ ইয়াৰ ফলত সাধাৰণ জনতাৰ মূৰত কৌশলেৰে কোম্পানীসমূহে শোধাইছে মাধমাৰ৷ এনেদৰে কোম্পানীসমূহে দাম বৃদ্ধি নকৰি সামগ্ৰীৰ প্ৰতিটো পেকেটৰে ওজন হ্ৰাস কৰা কাৰ্য বিশেষ লক্ষণীয় হৈ পৰিছে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...