গুৱাহাটীত বাঢ়িছে অপৰাধজনিত ঘটনা

0
484

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীত প্ৰতিদিনে সংঘটিত হোৱা অপৰাধজনিত ঘটনাই পৰিৱেশ অশান্ত কৰি তুলিছে৷ বৰ্ধিত অপৰাধজনিত ঘটনাই নাগৰিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত একপ্ৰকাৰ ভাবুকিৰ সৃষ্টি কৰিছে৷ নাৰীজনিত অপৰাধৰ পৰা আৰম্ভ কৰি চুৰি-ডকাইতিৰ ঘটনা  বৃদ্ধিয়ে সকলোকে শংকিত কৰি তুলিছে৷ 
আৰক্ষী-প্ৰশাসনত ব্যাপক সালসলনি কৰাৰ লগতে আৰক্ষীৰ আধুনিকীকৰণ কৰি অপৰাধজনিত ঘটনা নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীক অধিক ক্ষমতা প্ৰদান কৰাৰ পাছতো অপৰাধৰ ঘটনা হ্ৰাস পোৱা নাই৷ 
খোদ আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজতেই অপৰাধীৰ দৌৰাত্ম্য অব্যাহত থকাৰ লগতে সংঘটিত হৈছে একাধিক চাঞ্চল্যকৰ ঘটনা৷ চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰিয়েই বিগত ছয় বছৰত গুৱাহাটীত চুৰি, হত্যা আৰু অন্যান্য অপৰাধৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে৷ 
উল্লেখ্য যে ২০১৬ এপ্ৰিলৰ পৰা ২০২২, ফেব্ৰুৱাৰীলৈ মহানগৰত সংঘটিত হৈছে ২৩,৩১১টা চুৰিৰ ঘটনা, ৪২টা ডকাইতি, ৩৬৯টা বলাৎকাৰ, ৩,৬৪৮টা অপহৰণ, ১১৪টা পকেটমাৰ, ৪১৫টা হত্যাকাণ্ড আৰু  ৩,০৯৬টা লুণ্ঠনৰ ঘটনা সংঘটিত হৈছে৷ অসম আৰক্ষীৰ আন্তঃগাঁথনিৰ অভাৱ আৰু জনসংখ্যা বৃদ্ধিৰ বাবেই অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে বুলি খোদ আৰক্ষীয়েই স্বীকাৰ কৰি আহিছে৷
বিশেষকৈ মহানগৰবাসীৰ নিৰাপত্তাৰ বাবে যিমান আৰক্ষী থাকিব লাগিছিল, সিমান আৰক্ষী এতিয়াও নিযুক্তি দিয়া নাই৷ সেইবাবে একাংশ অঞ্চলক অপৰাধীয়ে টাৰ্গেট কৰি লৈছে৷ গতিকে এই ক্ষেত্ৰত চৰকাৰ তথা আৰক্ষীৰ শীৰ্ষ বিষয়াই অধিক গুৰুত্ব দি নাগৰিকৰ প্ৰয়োজনীয় সুৰক্ষা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰাটো অধিক দৰকাৰী হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here