Home Fitness Plus কোমোৰাৰ গুটিত আছে পুৰুষৰ সুস্বাস্থ্যৰ খোজ

কোমোৰাৰ গুটিত আছে পুৰুষৰ সুস্বাস্থ্যৰ খোজ

বহুতেই কোমোৰা বা ৰঙালাও কাটোতে ইয়াৰ গুটিবোৰে পেলাই দিয়ে৷ ইয়াক খোৱাৰ অনুপযোগী হিচাপে গণ্য কৰিয়েই পেলাই দিয়া হয়৷ আচলতে কোমোৰা বা ৰঙালাও যিদৰে উপকাৰ আছে, তাৰ বহুগুণে ইয়াৰ বীজ বা গুটিৰ উপকাৰিতা আছে৷ যিটো কথা আমাৰ জ্ঞাত নহয়৷ কোমোৰা বা ৰঙালাওৰ যিদৰে শৰীৰৰ বাবে উপকাৰ আছে, ঠিক একেদৰে ইয়াৰ বীজো আমাৰ স্বাস্থ্যৰ পক্ষে লাগতিয়াল৷ বিশেষকৈ পুৰুষসকলৰ বাবে কোমোৰাৰ গুটিয়ে অত্যন্ত উপকাৰ সাধন কৰে৷ পুৰুষসকলৰ শৰীৰৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰে এই কোমোৰাৰ বীজে৷ স্বাস্থ্যৰক্ষাৰ হেতু কোমোৰাৰ গুটি দাৰুণভাৱে কাৰ্যকৰী৷ কোমোৰাৰ গুটি বা বীজ নিয়মিতৰূপে খালে প্ৰষ্টেটৰ সমস্যা নোহোৱা হয়৷ আনহাতে পুৰুষসকলে কোমোৰা বা ৰঙালাওৰ বীজ খালে স্পাৰ্মৰ মান উন্নত হয়৷ ফলস্বৰূপে যৌনশক্তি বৃদ্ধি পায়৷ ইণ্ডিয়ান জাৰ্নাল অব ইউৰ’লজিত প্ৰকশিত এক গৱেষণা মতে প্ৰষ্টেটৰ বাবে কোমোৰাৰ বীজে যথেষ্ট কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ এই ক্ষেত্ৰত প্ৰষ্টেট গ্লেণ্ড বঢ়াবলৈ কোমোৰা বীজ গ্ৰহণ কৰিব পাৰে৷ সেয়েহে বিনাইন প্ৰষ্টেটিক হাইপাৰপ্লেছিয়া ৰোগীসকলক কোমোৰাৰ বীজ খাবলৈ পৰামৰ্শ দিয়ে বিশেষজ্ঞই৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...