মহিলাসকলৰ খাদ্য তালিকাত এইকেইবিধ খাদ্য থকাটো ভাল

0
188

আমাৰ খোৱাৰ যত্ন লোৱাৰ কথা প্ৰায় চৰ্চা কৰা হয় যদিও কেতিয়াবা এই দিশটোৰ প্ৰতি কমকৈ নজৰ দিয়া হয়৷ কিন্তু স্বাস্থ্যৰ উন্নতিৰ কাৰণে বিশেষকৈ মহিলাসকলে যত্ন লোৱাটো খুবেই জৰুৰী৷ সাধাৰণতে মহিলাসকলৰ শৰীৰৰ গঠন পুৰুষ সকলোতকৈ বেছি জটিল৷ সেয়েহে খোৱা খাদ্যৰ ওপৰত পুৰুষতকৈ মহিলাসকলে বিশেষভাৱে নজৰ দিব লাগে৷ কিছুমান খাদ্য মহিলাসকলে দৈনন্দিন খোৱা ভাল৷ এইবোৰ খাদ্যই তেওঁলোকৰ কৰ্মক্ষমতা বঢ়ায়, শৰীৰৰ অসুস্থতাৰ আশংকা নিয়ন্ত্ৰণ কৰি ৰাখে৷
পালেংশাক– এই শাকবিধৰ উপকাৰিতাৰ কথা সকলোৱে জানে৷ পালেংশাক পুষ্টিগুণেৰে ভৰপূৰ৷ নিয়মিত পালেংশাক খালে শৰীৰত ভিটামিনৰ উপৰি মেগনেচিয়ামৰ অভাৱ পূৰণ কৰে৷ ইয়াৰ উপৰি তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে৷ সেয়েহে পি এম এছৰ সমস্যা কমে৷
 বিলাহী– বিলাহীক বিভিন্ন ব্যঞ্জন হিচাপে খোৱা হয়৷ বিলাহীত লাইপোচিন থাকে, যিয়ে স্তন কেঞ্চাৰ নিৰাময়ৰ বাবে যথেষ্ট কাৰ্যকৰী৷ তদুপৰি হাৰ্টৰ অসুখৰ বাবে বিলাহী উপকাৰী৷
ওটছ– ওটছে আমাৰ হজম প্ৰক্ৰিয়া স্বাভাৱিক ধৰণে ৰাখে৷ হাৰ্টৰ জটিল সমস্যা আৰু ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাত ওটছে সহায় কৰে৷ আমাৰ শৰীৰত পি এম এছৰ বাবে মনত নানা ধৰণৰ চাপ পৰে৷ ওটছে এই মানসিক চাপ নিয়ন্ত্ৰণত যথেষ্ট আগ্ৰাসী ভূমিকা লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here