Home Daily news কেন্দ্ৰই যোগ পদ্ধতিৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দিছে : কোনে ক’লে ?

কেন্দ্ৰই যোগ পদ্ধতিৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দিছে : কোনে ক’লে ?

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুস বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁও জিলাৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত ‘হৰ দিন হৰ ঘৰ আয়ুৰ্বেদ’ শীৰ্ষক সভা এখনত অংশগ্ৰহণ কৰে৷ বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতি তথা আয়ুস বিভাগৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে আয়ুৰ্বেদ শাস্ত্ৰ মতে কৰা ভাৰতীয় চিকিৎসা পদ্ধতি প্ৰায় ৫০০০ বছৰ পুৰণি৷ অতীজতে মানুহৰ বিভিন্ন বেমাৰৰ চিকিৎসা আয়ুৰ্বেদ শাস্ত্ৰ মতে কৰা হৈছিল৷ বিভিন্ন বনৌষধি প্ৰয়োগ কৰি বিভিন্ন ৰোগ নিৰাময় কৰা হৈছিল৷ এতিয়া সেই পুৰণি চিকিৎসা পদ্ধতিসমূহ যেনে ঃ আয়ুৰ্বেদ, যোগ, উনানি, সিদ্ধা আৰু হোমিঅ’পেথিক চিকিৎসা পদ্ধতিক আয়ুস মন্ত্ৰ্যালয়ৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ যোগ পদ্ধতিৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিয়া বুলিও উল্লেখ কৰে মন্ত্ৰী সোণোৱালে৷ আমি সদায় সুস্থ থাকিব লাগিব, তাৰ বাবেই চৰকাৰ বদ্ধপৰিকৰ বুলিও সোণোৱালে কয়৷ এই সভাত বিধায়ক ফণীভূষণ চৌধুৰীও উপস্থিত থাকে৷ উপায়ুক্ত নৱদীপ পাঠকে উদ্বোধনী ভাষণ দিয়ে৷ অতিৰিক্ত উপায়ুক্ত [স্বাস্থ্য] শ্যামল ক্ষেত্ৰ গগৈ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ পৰেশ কুমাৰ ৰয়, আয়ুস বিভাগৰ ন’ডেল বিষয়া ডাঃ পুলিন চন্দ্ৰ নাথকে ধৰি চিকিৎসা বিষয়াসকল, সমাজকৰ্মী হিমানী অধিকাৰী, পতঞ্জলি যোগ সমিতিৰ বিষয়ববীয়া আৰু কেইবাগৰাকীও পৰম্পৰাগত আয়ুৰ্বেদিক চিকিৎসক উপস্থিত থাকে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...