Home Daily news কেঞ্চাৰ ৰোগীক কেঞ্চাৰ-ধবংসী ভেক্‌চিনৰ প্ৰথম পালি প্ৰয়োগ

কেঞ্চাৰ ৰোগীক কেঞ্চাৰ-ধবংসী ভেক্‌চিনৰ প্ৰথম পালি প্ৰয়োগ

আমেৰিকাত এজন কেঞ্চাৰ ৰোগীক কেঞ্চাৰ ভাইৰাছ ধবংস কৰিব পৰা এটা ভেক্‌চিনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাত প্ৰথমটো পালি দিয়া হয়৷ ৰোগীজন এই চিকিৎসা পৰীক্ষাৰ [মেডিকেল ট্ৰায়েল] এজন স্বেচ্ছাসেৱক বুলি অনুমান কৰা হৈছে৷ 
মানুহৰ দেহত কেঞ্চাৰৰ চে’ল বা কৰ্কট ৰোগৰ কোষ ধবংস কৰিব পৰা এবিধ ভাইৰাছ ব্যক্তিজনৰ দেহত ভেক্‌চিনেৰে সুমুৱাই দিয়া হয়৷ জীৱ-জন্তুত এই ভাইৰাছটোৱে ইতিবাচক ফল দেখুৱাইছে৷ এই চিকিৎসাৰ নাম অংকলিটিক ভাইৰাছ থেৰাপি৷ কেঞ্চাৰ চে’ল ধবংস কৰিবলৈ এবিধ ভাইৰাছ ব্যৱহাৰ কৰা হৈছে৷ 
কেঞ্চাৰ-বিধবংসী ভাইৰাছটোৰ নাম দিয়া হৈছে ভেক্সিনিয়া৷ ই স্বাস্থ্যৱান কোষবোৰ ধবংস নকৰে৷ ‘নিউজ উইক’ত প্ৰকাশিত এটা বাতৰিত কোৱা হৈছে যে ইমিউজিন লিমিটেড আৰু চিটি অব্‌ হ’পে অংকলিটিক ভাইৰাছৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা প্ৰথমজন ৰোগীক দি পৰীক্ষা আৰম্ভ কৰিছে আৰু দুবছৰত সমগ্ৰ আমেৰিকাত ১০০ কৰ্কট ৰোগীক দি পৰীক্ষা চলোৱাৰ লক্ষ্য লোৱা হৈছে৷ এই ভেক্‌চিনটোৰ পৰীক্ষা সফল হ’লে কেঞ্চাৰৰ চিকিৎসাত বৈপ্লৱিক পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা আছে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...