গেষ্ট্ৰ’জনিত সমস্যাৰ কাৰণ হ’ল খাদ্যাভ্যাস, নিষ্ক্ৰিয় জীৱনশৈলী : কোনে ক’লে ?

0
376

মেডাণ্ট, গুৰুগ্ৰামৰ গেষ্ট্ৰ’এণ্টাৰলজিষ্ট বিভাগৰ চিকিৎসা বিশেষজ্ঞ দল এটাই মহানগৰীৰ গংগা ক্লিনিকত এক চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰে আৰু এশৰো অধিকসংখ্যক ৰোগীৰ ৰোগ বৃত্তান্তৰ বুজ লয় আৰু চিকিৎসা বিধান আগবঢ়ায়৷ 
ইন্‌ষ্টিটিউট অব্‌ ডাইজেষ্টিক এণ্ড হেপাটবিলিয়াৰী ছায়েন্স, মেডাণ্ট, গুৰুগ্ৰামৰ গেষ্ট্ৰ’এণ্টাৰলজি সঞ্চালক ডাঃ স্মৃতি ৰঞ্জন মিশ্ৰ আৰু তেওঁৰ সহযোগী চিকিৎসক দলটোৱে অংশগ্ৰহণ কৰা এই চিকিৎসা শিবিৰত ৰোগীসকলৰ সৈতে আলোচনাৰ অন্তত এই কথা পোহৰলৈ আহে যে গেষ্ট্ৰ’এণ্টাৰলজি সম্পৰ্কীয় সমস্যাৰ মূল কাৰণেই হ’ল নিষ্ক্ৰিয় জীৱনশৈলী, ফাইবাৰযুক্ত আহাৰ কম পৰিমাণে গ্ৰহণ, পানী কমকৈ খোৱা, ডেইৰীজাতীয় খাদ্য অধিক মাত্ৰাত গ্ৰহণ আৰু অত্যধিক মানসিক চাপ, গেষ্ট্ৰ সম্পৰ্কীয় সমস্যাৰ মূল লক্ষণসমূহৰ ওপৰত মন্তব্য প্ৰদান কৰি 
চিকিৎসক মিশ্ৰই কয় যে গেষ্ট্ৰ’এণ্টাৰলজিৰ মূল লক্ষণসমূহৰ ভিতৰত অন্যতম হ’ল বমি ভাব বা ওকটি অহা, পেটৰ নিম্নাংশত বিষ, ডায়েৰিয়া, শৌচ টান বা কঠিন হোৱা, তেজ যোৱা, পেট ওফন্দি থকা আৰু গিলোতে অসুবিধা পোৱা ইত্যাদি৷ আৰম্ভণিতে এয়া সাধাৰণ সমস্যা হিচাপে বিবেচিত হয় যদিও পৰৱৰ্তী সময়ত ই জটিল হৈ পৰিব পাৰে বুলিও তেওঁ কয়৷ উল্লেখ্য যে মেডাণ্ট গুৰুগ্ৰামত ডাইজেষ্টিভ আৰু হেপাটবিলিয়াৰী বিজ্ঞান, কাৰ্ডিঅ’লজি তথা কাৰ্ডিয়াক ছায়েন্স আৰু আন ভালেমান বিষয়ত বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে চিকিৎসা কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here