Home Daily news কৃষি অৰ্থনীতি সবল কৰিবলৈ চৰকাৰৰ ‘কৃষক সৰ্বপ্ৰথম’ নীতি

কৃষি অৰ্থনীতি সবল কৰিবলৈ চৰকাৰৰ ‘কৃষক সৰ্বপ্ৰথম’ নীতি

কৃষকৰ সৰ্বাংগীণ বিকাশ সাধনৰ লগতে ৰাজ্যখনৰ কৃষিভিত্তিক অৰ্থনীতি শক্তিশালী কৰি তোলাৰ বাবে ‘কৃষক সৰ্বপ্ৰথম’ নীতিৰে আগবাঢ়িছে কৃষি বিভাগ৷ এই নীতিৰ জৰিয়তে ৰাজ্যখনৰ কৃষকৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত অগ্ৰাধিকাৰ ভিত্তিত বাণিজ্যিক কৃষিৰ প্ৰতি তেওঁলোকক উৎসাহিত কৰিবলৈ প্ৰয়াস কৰা হৈছে৷ 
অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিৰ উদ্যোগত কৃষি আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প, অসমৰ সহযোগিতাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক কৃষক উৎপাদক কোম্পানী অভিৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কৃষি মন্ত্ৰী অতুল বৰাই এইদৰে কয়৷ 
তেওঁ কয় যে ৰাজ্যখনৰ কৃষকে উৎপাদন কৰা শস্যই দেশ-বিদেশৰ বজাৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ যুৱ শক্তিৰ অংশগ্ৰহণৰ জৰিয়তে ৰাজ্যখনৰ কৃষিখণ্ডত এক নীৰৱ কৃষি বিপ্লৱৰ সূচনা হোৱা বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে৷ 
অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক ড॰ আশিস কুমাৰ ভুটানীয়ে উন্নত কৃষি প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি উৎপাদনৰ পৰা বিপণন ব্যৱস্থাৰ সমগ্ৰ শৃংখলটোৰ সুবিধা লাভ কৰিবলৈ ৰাজ্যখনৰ কৃষকক সংঘবদ্ধভাৱে আগবাঢ়িবলৈ আহ্বান জনায়৷
মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত গঠন হোৱা বহুতো এফ পি চি-এ প্ৰথমতে উৎপাদন আৰু বিপণন ব্যৱস্থাৰ সৈতে জড়িত হৈ পাছলৈ ৰপ্তানিকেন্দ্ৰিক এফ পি চিলৈ পৰিৱৰ্তিত হোৱা বুলিও অতিৰিক্ত মুখ্য সচিবজনে উল্লেখ কৰে৷ উদ্বোধনী অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক ইন্দিৰা কলিতা, কৃষি বিভাগ, অসম বীজ নিগম, নাফেড, নেৰামেক, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, পশ্চিম বংগ আৰু অসমৰ বহুতো আগশাৰীৰ এফ পি চিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...