প্ৰতি মাহেই অসমত বৃদ্ধি পাবলৈ ধৰিছে নিবনুৱা লোকৰ সংখ্যা৷ আনকি শেহতীয়াকৈ ৰাজ্যখনত নিবনুৱা লোকৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যে এইক্ষেত্ৰত ৰাষ্ট্ৰীয় গড়কো চেৰ পেলাইছে অসমে৷ ৰাজ্য চৰকাৰখনে ইখনৰ পাছত সিখনকৈ হিতাধিকাৰী সৃষ্টিকাৰী আঁচনি ৰূপায়ণ কৰি থকাৰ সময়তে ৰাজ্যত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ কথা প্ৰকাশ কৰিছে দেশৰ অৰ্থনীতিৰ থিংক টেংক স্বৰূপ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি নামৰ সংস্থাটোৱে৷
যোৱা মে’ মাহৰ দেশৰ প্ৰতিখন ৰাজ্যৰে নিবনুৱাৰ পৰিসংখ্যা দাঙি ধৰি সংস্থাটোৱে প্ৰকাশ কৰা মতে, মে’ মাহত অসমত নিবনুৱাৰ হাৰ হৈছে ৮.২ শতাংশ৷ অথচ যোৱা মাৰ্চ মাহত এই হাৰ আছিল ৭.৭ শতাংশ৷ ইয়াৰ বিপৰীতে মে’ মাহত ৰাষ্ট্ৰীয় গড় হাৰ হৈছে ৭.১ শতাংশ৷ মন কৰিবলগীয়া কথা যে যি সময়ত নিবনুৱাৰ ৰাষ্ট্ৰীয় হাৰ ক্ৰমাৎ হ্ৰাস পাইছে সেই সময়তে অসমত কিন্তু এই হাৰ বৃদ্ধি পাইছে৷
তথ্য মতে, যোৱা এপ্ৰিল মাহত নিবনুৱাৰ ৰাষ্ট্ৰীয় গড় আছিল ৮.২ শতাংশ কিন্তু মে’ মাহত এই হাৰ হ্ৰাস পাই হৈছেগৈ ৭.১ শতাংশ৷ আনহাতে অসমৰ তুলনাত এতিয়াও উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আদি ৰাজ্যত নিবনুৱাৰ হাৰ বহু পৰিমাণে কম৷ উল্লেখ্য যে ৰাজ্যখনত নিবনুৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে যদিও সেই অনুপাতে কৰ্মসংস্থাপনৰ বাট মুকলি হোৱা নাই৷ বেচৰকৰী তথ্য অনুসৰি ৰাজ্যখনত থকা নিবনুৱা লোকৰ সংখ্যা হৈছে প্ৰায় ২৫ লাখ৷ এনে পৰিস্থিতিত চৰকাৰে যদি উৎপাদনমুখী আঁচনি গ্ৰহণ নকৰে, তেনেহ’লে অনাগত সময়ত ৰাজ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিব৷
কি ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড়কো চেৰ পেলাইছে অসমে
Appreciation
March 31, 2022
Very informative. Helpful for people irrespective of age, gender, education and to develop fundamental knowledge on various food and beverages around us.
very useful website
November 6, 2021
For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.
Strong information on health
March 12, 2021
From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.