ষ্টিংৰে’ক অলৱণাযুক্ত পানীৰ সৰ্ববৃহৎ মাছ বুলি অভিহিত

0
355

কম্বোডিয়াৰ এজন মাছমৰীয়াই ধৰা এটা মাছক বিজ্ঞানীসকলে এতিয়ালৈকে তথ্য থকা বিশ্বৰ অলৱণাযুক্ত পানীৰ সৰ্ববৃহৎ মাছ বুলি অভিহিত কৰিছে৷ এই মাছটো হৈছে এটা প্ৰকাণ্ড ষ্টিংৰে’৷ ১৩ জুনত ধৰা এই ষ্টিংৰে’টোৰ নাকৰ পৰা নেজলৈকে ১৩ ফুট দীঘল আৰু ইয়াৰ ওজন হৈছে ৩০০ কিল’গ্ৰামতকৈ অলপ কম৷ কম্বোডিয়া-আমেৰিকাৰ যুটীয়া প্ৰকল্প ‘ৱণ্ডাৰ্ছ অব্‌ দ্য মেকং’-এ এই কথা প্ৰকাশ কৰে৷ ইয়াৰ পূৰ্বৰ অভিলেখ আছিল মেকং নদীৰ ২৯৩ কিল’গ্ৰাম ওজনৰ এটা কেটফিছ মাছ, যিটো থাইলেণ্ডত ২০০৫ চনত ধৰা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here