Home Beauty Plus কিছুমান সাধাৰণ ভুলৰ বাবে হ’ব পাৰে সৌন্দৰ্য হ্ৰাস

কিছুমান সাধাৰণ ভুলৰ বাবে হ’ব পাৰে সৌন্দৰ্য হ্ৰাস

বৰ্তমান যুগত সকলোৱে নিজকে সুন্দৰ আৰু ধুনীয়া কৰিবলৈ বিচাৰে৷ দৰাচলতে ল’ৰাতকৈ ছোৱালীসকলে তেওঁলোকৰ সৌন্দৰ্য বঢ়াবলৈ বা ধৰি ৰাখিবলৈ বিভিন্ন টিপছ, কৌশল বা বিভিন্ন পন্থা অৱলম্বন কৰা দেখা যায়৷ কিন্তু এই সময়খিনিত আমি বুজি বা অজ্ঞাতে কৰি অহা কিছুমান অভ্যাসৰ ফলত সৌন্দৰ্য বৃদ্ধি হোৱাৰ পৰিৱৰ্তে সৌন্দৰ্য নষ্ট বা হ্ৰাস হোৱালৈহে আৰম্ভ কৰে৷ এই অভ্যাসবোৰ অতি সাধাৰণ যেন লাহিলেও ইয়ে আমাৰ সৌন্দৰ্য ধৰি ৰখাত আঘাত হানে৷ জানো আহক কি কু-অভ্যাসৰ ফলত আমাৰ সৌন্দৰ্য হ্ৰাস পায়৷

এইটো সকলোৱে জনা কথা যে ৰাতি শোৱাৰ আগতে মুখখন ভালদৰে ধুই ল’ব লাগে৷ যিসকল লোকে ভাগৰৰ বাবে বা এলাহৰ বাবে ৰাতি মুখৰ ছালখন পৰিষ্কাৰ নকৰে, তেওঁলোকৰ ছালখন বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হয়৷ যাৰ ফলত তেনে লোকৰ মুখৰ উজ্জ্বলতা হ্ৰাস পোৱাৰ লগতে বিভিন্ন ৰোগে ছালখন আক্ৰান্ত কৰে৷
প্ৰধানকৈ শীতকালত বেছিভাগ লোকে পানী কমকৈ খোৱা দেখা যায়৷ যাৰ ফলত ছালখন শুকান, ৰুক্ষ হৈ পৰে৷ কম পৰিমাণে পানাী খোৱাৰ ফলত ছালৰ খজুৱতি, ছাল টান ৰৈ পৰা, খহটা হোৱা আদি লক্ষণে দেখা দিয়ে৷ অৰ্থাৎ ছালখনে ডিহাইড্ৰেশ্যনত ভোগে৷ এেনে পৰিস্থিতিত যদি লোকজনে পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন নকৰে, তেন্তে এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ নাপাই ছালখনৰ সৌন্দৰ্যত আঘাত কৰে৷
ব্যস্ত সময়সূচীৰ বাবে বেছিভাগ লোকে ঘৰৰ পৰা ওলাই যাওঁতে ছানস্ক্ৰীন প্ৰয়োগ নকৰে৷ যাৰ ফলত তেওঁলোকৰ ছাল সম্বন্ধীয় বিভিন্ন সমস্যা আৰম্ভ হয়৷ আমি জানো যে ছানস্ক্ৰীনত ছালৰ উপযোগী কিছুমান গুৰুত্বপূৰ্ণ উপাদান যেনে– জিংক অক্সাইড, টাইটেনিয়াম অক্সাইড ইত্যাদি থাকে৷ যি ছালখনক সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰ¸ক্ষিত কৰি ৰাখে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...