পশু ধন সাৰথি সেৱা ডায়েল কৰক ১৯৬২ নম্বৰত

0
493

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দৰে এইবাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত চলিব ভ্ৰাম্যমাণ চিকিৎসা এম্বুলেন্স৷ প্ৰতিখন এম্বুলেন্সত পশুৰ জৰুৰীকালীন চিকিৎসাৰ সকলো সুবিধা উপলব্ধ হ’ব৷ ইতিমধ্যে এই এম্বুলেন্স সেৱাক পশু ধন সাৰথি হিচাপে নামকৰণ কৰিছে৷ পশু পালকসকলে ১৯৬২ টোল ফ্ৰী নম্বৰ ডায়েল কৰি এই ম’বাইল চিকিৎসা সেৱাৰ সুবিধা ল’ব পাৰিব৷ জানিব পৰা মতে মন্ত্ৰী অতুল বৰাৰ অধীনস্থ পশুপালন আৰু পশু চিকিৎসা বিভাগে এই নতুন সেৱাৰ বাবে এতিয়ালৈ ২০খন এম্বুলেন্স ক্ৰয় কৰিছে৷ ক্ৰয় কৰা এই এম্বুলেন্সসমূহ চিকিৎসা আগবঢ়াব পৰাকৈ সাজু কৰাৰ ব্যৱস্থা অব্যাহত আছে৷ বিভাগীয় সূত্ৰই সদৰী কৰা অনুসৰি পৰ্যায়ক্ৰমে এই ভ্ৰাম্যমাণ পশু চিকিৎসা এম্বুলেন্সৰ সংখ্যা বৃদ্ধি কৰা হ’ব৷ ৰাজ্য চৰকাৰক কেন্দ্ৰীয় চৰকাৰে যোগান ধৰিব প্ৰায় ডেৰশখন পশু চিকিৎসাৰ এম্বুলেন্স৷ এই এম্বুলেন্সসমূহত জৰুৰীকালীন সেৱাৰ লগতে অস্ত্ৰোপচাৰৰ ব্যৱস্থাও থাকিব৷ পশুপালকে ১৯৬২ নম্বৰত ডায়েল কৰি ঠিকনা জনালে নিৰ্দিষ্ট স্থানত এম্বুলেন্স গৈ উপস্থিত হ’ব আৰু চিকিৎসা আগবঢ়াব৷ এই পশু ধন সাৰথি সেৱাৰ সৈতে পশু চিকিৎসাৰ লগতে চিকিৎসা কৰ্মীৰ এটা গোট নিয়োজিত হৈ থাকিব৷ নতুনকৈ আৰম্ভ হ’ব লগা এই সেৱাৰ বাবে প্ৰয়োজন হ’ব অতিৰিক্ত চিকিৎসকৰ৷ কাৰণ চিকিৎসালয়সমূহত নিয়োজিত চিকিৎসকক এই সেৱাত নিয়োজিত কৰিলে চিকিৎসালয়ত চিকিৎসকৰ অভাৱ হ’ব৷ সেয়ে পশুপালন বিভাগত নিযুক্তি হ’ব নতুন চিকিৎসকৰ৷ এতিয়া এই নতুন সেৱাৰ জৰিয়তে বিভাগটো পূৰ্বৰ তুলনাত অধিক গতিশীল হোৱাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here