Home Fitness Plus কিছুমান সাধাৰণ ভুলৰ বাবে হ’ব পাৰে সৌন্দৰ্য হ্ৰাস

কিছুমান সাধাৰণ ভুলৰ বাবে হ’ব পাৰে সৌন্দৰ্য হ্ৰাস

বৰ্তমান যুগত সকলোৱে নিজকে সুন্দৰ আৰু ধুনীয়া কৰিবলৈ বিচাৰে৷ দৰাচলতে ল’ৰাতকৈ ছোৱালীসকলে তেওঁলোকৰ সৌন্দৰ্য বঢ়াবলৈ বা ধৰি ৰাখিবলৈ বিভিন্ন টিপছ, কৌশল বা বিভিন্ন পন্থা অৱলম্বন কৰা দেখা যায়৷

কিন্তু এই সময়খিনিত আমি বুজি বা অজ্ঞাতে কৰি অহা কিছুমান অভ্যাসৰ ফলত সৌন্দৰ্য বৃদ্ধি হোৱাৰ পৰিৱৰ্তে সৌন্দৰ্য নষ্ট বা হ্ৰাস হোৱালৈহে আৰম্ভ কৰে৷ এই অভ্যাসবোৰ অতি সাধাৰণ যেন লাহিলেও ইয়ে আমাৰ সৌন্দৰ্য ধৰি ৰখাত আঘাত হানে৷ জানো আহক কি কু-অভ্যাসৰ ফলত আমাৰ সৌন্দৰ্য হ্ৰাস পায়৷

এইটো সকলোৱে জনা কথা যে ৰাতি শোৱাৰ আগতে মুখখন ভালদৰে ধুই ল’ব লাগে৷ যিসকল লোকে ভাগৰৰ বাবে বা এলাহৰ বাবে ৰাতি মুখৰ ছালখন পৰিষ্কাৰ নকৰে, তেওঁলোকৰ ছালখন বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হয়৷ যাৰ ফলত তেনে লোকৰ মুখৰ উজ্জ্বলতা হ্ৰাস পোৱাৰ লগতে বিভিন্ন ৰোগে ছালখন আক্ৰান্ত কৰে৷
প্ৰধানকৈ শীতকালত বেছিভাগ লোকে পানী কমকৈ খোৱা দেখা যায়৷ যাৰ ফলত ছালখন শুকান, ৰুক্ষ হৈ পৰে৷ কম পৰিমাণে পানাী খোৱাৰ ফলত ছালৰ খজুৱতি, ছাল টান ৰৈ পৰা, খহটা হোৱা আদি লক্ষণে দেখা দিয়ে৷

অৰ্থাৎ ছালখনে ডিহাইড্ৰেশ্যনত ভোগে৷ নে পৰিস্থিতিত যদি লোকজনে পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন নকৰে, তেন্তে এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ নাপাই ছালখনৰ সৌন্দৰ্যত আঘাত কৰে৷

ব্যস্ত সময়সূচীৰ বাবে বেছিভাগ লোকে ঘৰৰ পৰা ওলাই যাওঁতে ছানস্ক্ৰীন প্ৰয়োগ নকৰে৷ যাৰ ফলত তেওঁলোকৰ ছাল সম্বন্ধীয় বিভিন্ন সমস্যা আৰম্ভ হয়৷ আমি জানো যে ছানস্ক্ৰীনত ছালৰ উপযোগী কিছুমান গুৰুত্বপূৰ্ণ উপাদান যেনে– জিংক অক্সাইড, টাইটেনিয়াম অক্সাইড ইত্যাদি থাকে৷ যি ছালখনক সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষিত কৰি ৰাখে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,