ৰাজ্যত দৈনিক গড়ে সংঘটিত হয় ২১টাকৈ পথ দুৰ্ঘটনা

0
376

একপ্ৰকাৰ মৃত্যুদূতলৈ পৰিণত হৈছে ৰাজ্যৰ ঘাইপথসমূহ৷ যাৰ বাবে ৰাজ্যখনত নিতৌ ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে পথ দুৰ্ঘটনাৰ সংখ্যা৷ যোৱা চাৰি বছৰতে ৰাজ্যখনত সংঘটিত হৈছে মুঠ ৩০,৩৫৮টা পথ দুৰ্ঘটনা৷ 
অৰ্থাৎ আজিৰ তাৰিখত ৰাজ্যখনত দৈনিক গড়ে ২১টাকৈ পথ দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰিছে৷ ৰাজ্যবাসীৰ বাবে অত্যন্ত উদ্বেগজনক এই তথ্য প্ৰকাশ কৰিছে খোদ কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৭ চনত ৰাজ্যখনত ৭১৭০টা, ২০১৮ চনত ৮২৪৮টা, ২০১৯ চনত ৮৩৫০টা আৰু ২০২০ চনত ৬৫৯০টা পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ 
আনহাতে তিনি বছৰত ৰাজ্যখনত পথ দুৰ্ঘটনাত নিহত হৈছে ৪৬৯৫জন লোক৷ অৰ্থাৎ দৈনিক ৰাজ্যখনত পথ দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা হৈছে প্ৰায় পাঁচজন৷ 
উল্লেখ্য যে ৰাজ্যখনত প্ৰতিদিনে সংঘটিত হোৱা এই দুৰ্ঘটনাসমূহৰ ভিতৰত প্ৰায় দুটা দুৰ্ঘটনাই সংঘটিত হয় সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে৷ ইফালে ৰাজ্যখনত পথ দুৰ্ঘটনাৰ এটা প্ৰধান কাৰণ হৈছে পথসমূহৰ দুৰৱস্থা৷ 
ৰাজ্যৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে উজনি অসমলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ অৱস্থা সম্প্ৰতি অতিশয় শোচনীয় হৈ পৰিছে৷ যাৰ ফলত নিতৌ এইছোৱা পথত বৃদ্ধি পাবলৈ ধৰি পথ দুৰ্ঘটনাৰ সংখ্যা৷ যদিহে এই ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ’লে ৰাজ্যখনত পথ দুৰ্ঘটনাৰ ফলত অকালতে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা নিতৌ বৃদ্ধি পাই গৈ থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here