কভিড-এণ্টিবডি থকা কেঁচুৱাৰ জন্ম

0
1825
গৰ্ভৱতী অৱস্থাত থকাৰ সময়তে কভিড-১৯ ৰ প্ৰথম পালি টিকা দিয়া এগৰাকী মহিলাই জন্ম দিয়া এটি কেঁচুৱাৰ নভেল কৰ’না ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰক্ষী অৰ্থাৎ এণ্টিবডি থকা বুলি আমেৰিকাৰ শিশু ৰোগ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে আৰু এইটোৱেই এনে ধৰণৰ প্ৰথম উদাহৰণ৷ গৰ্ভধাৰণৰ ৩৬ সপ্তাহত মহিলাগৰাকীক মডাৰ্না কোম্পানীৰ এম আৰ এন এ নামৰ টিকাটো দিয়া হৈছিল আৰু তিনি সপ্তাহৰ পাছত তেওঁ এটি শকত-আৱত আৰু স্বাস্থ্যৱান কন্যা সন্তান জন্ম দিয়ে৷ জন্মৰ ঠিক পাছত কেঁচুৱাটিৰ তেজ পৰীক্ষা কৰা হয় আৰু তেতিয়া এছ এ আৰ এছ-কভ-২ ভাইৰাছ অৰ্থাৎ নভেল কৰ’না ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰক্ষী অৰ্থাৎ দেহক আক্ৰমণকাৰী জীৱাণু ধবংস কৰিব পৰা গুণৰ (এণ্টিবডি) উপস্থিতি ধৰা পৰে৷ আমেৰিকাৰ ফ্লৰিডাৰ আটলাণ্টিক ইউনিভাৰ্ছিটিৰ চিকিৎসকদ্বয় পল গিলবাৰ্ট আৰু চাদ ৰুডনিকে এটা অধ্যয়নত এই কথা প্ৰকাশ কৰিছে৷ তেওঁলোকৰ এই আৱিষ্কাৰ এতিয়াও আনুষ্ঠানিকভাৱে মুকলি কৰা হোৱা নাই৷ চিকিৎসকদ্বয়ে কয় যে সন্তানটিক কেৱল স্তনপান কৰাই থকা মহিলাগৰাকীয়ে কভিড-১৯ৰ  টিকাটোৰ দ্বিতীয় পালি লৈছিল ২৮ দিনৰ পাছত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here