Home Daily news ক’ভিডত মৃতকৰ সংখ্যা সন্দৰ্ভত নিউয়ৰ্ক টাইমছত চাঞ্চল্যকৰ তথ্য

ক’ভিডত মৃতকৰ সংখ্যা সন্দৰ্ভত নিউয়ৰ্ক টাইমছত চাঞ্চল্যকৰ তথ্য

ক’ভিডত বিশ্বত মৃত্যু হোৱা লোকৰ সংখ্যা ৰাজহুৱা কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ’-এ চলোৱা প্ৰচেষ্টাত ভাৰতে বাধা দিয়া বুলি নিউয়ৰ্ক টাইম্‌ছত প্ৰকাশিত এটা প্ৰবন্ধৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এটা বিবৃতি দিছে৷
বিবৃতিটোত ভাৰতত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হিচাপ কৰাৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই লোৱা পদ্ধতিত প্ৰশ্ন উত্থাপন কৰা হয়৷ চৰকাৰে কয় যে ভৌগোলিক আকাৰ আৰু জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ দৰে এখন বিশাল দেশত মৃত্যু হোৱা লোকৰ সংখ্যাৰ আনুমানিক হিচাপ উলিয়াবলৈ তেনেকুৱা এটা গাণিতিক মডেলিং ব্যৱহাৰ কৰিব নোৱাৰি৷
 নিউয়ৰ্ক টাইমছৰ প্ৰবন্ধটোত কোৱা হয় যে ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা উলিয়াবলৈ ব্যৱহাৰ কৰা পদ্ধতি সন্দৰ্ভত ভাৰতে কেইবাবাৰো বিশ্ব স্বাস্থ্য সংস্থাক আপত্তি দৰ্শাইছিল৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে 
বিবৃতিটোত কয় যে এইক্ষেত্ৰত ভাৰতে ডব্লিউ এইচ অ’ৰ সৈতে বিতং কাৰিকৰী তথ্য বিনিময় নিয়মীয়াভাৱে কৰি আছে৷ 
বিবৃতিটোত কোৱা হয় যে ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা উলিয়াবলৈ ব্যৱহাৰ কৰা পাৰিসাংখ্যিক আৰ্হি ভাৰতৰ দৰে এখন বিশাল আৰু জনবহুল দেশ আৰু ভাৰততকৈ সৰু আৰু কম জনসংখ্যাৰ আন দেশবোৰৰ ক্ষেত্ৰত কেনেকৈ সমানে প্ৰযোজ্য হ’ব৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...