ক’ত সংঘটিত হ’ল ডাৱৰ বিস্ফোৰণৰ ঘটনা ? Where did the cloudburst happen?

0
331
দীৰ্ঘদিন ধৰি অব্যাহত থকা অনাবৃষ্টিৰ সমস্যাই পাৰিপাশ্বিৰ্কতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা বুলি চৰ্চা অব্যাহত থকাৰ সময়তে পশ্চিম কাৰ্বি আংলং জিলাত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত জিলাখনৰ বৈঠালাংছ’ৰ আমট্ৰেং এলেকাত বিস্তৰ ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, বৈঠালাংছ’ৰ আমট্ৰেং এলেকাত অব্যাহত থকা মুষলধাৰ বৰষুণৰ মাজতে কাৰ্বি লাংপি নদীৰ নামি অহা পানীৰ ধলে নিমিষতে প্ৰলয়ংকৰী বানপানী আৰু ভূমিস্খলনৰ সৃষ্টি কৰে৷  পানীৰ ঢৌৱে বৈঠালাংছ’ৰ পৰা গুৱাহাটীলৈ যোৱা পথ আৰু আংট্ৰেঙৰ পৰা কাৰ্বি লাংপি সংযোগী পথৰ বিস্তৰ ক্ষতিসাধন কৰে৷ অকস্মাতে নামি অহা প্ৰৱল পানীৰ সোঁতে প্ৰলয়ৰ সৃষ্টি কৰাৰ লগতে পথৰ ওপৰত থকা এখন দলঙৰ পাৰৰ মাটিৰ এটা বৃহৎ অংশ ছিঙি উটুৱাই নিয়াৰ ফলত উক্ত পথেৰে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে৷ পানীৰ সোঁতে দুয়োটা পথৰ এছোৱা খান্দি উটুৱাই নিয়াৰ ফলত উক্ত পথেৰে যাতায়াত ব্যৱস্থা প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰে৷ উল্লেখ্য যে জিলাখনৰ আমট্ৰেং এলেকাত পূৰ্বে বানপানী হোৱাৰ নজিৰ নাই যদিও  অকস্মাতে হোৱা জলপ্ৰলয়ৰ ঘটনাই স্থানীয় লোকক শংকিত কৰি তুলিছে৷ ডাৱৰ বিস্ফোৰণৰ ফলতে আকস্মিকভাৱে এনে ঘটনাৰ সূত্ৰপাত হোৱা বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here