Home Daily news কঠোৰ হৈছে ৰাজ্য চৰকাৰঅসমত বাল্য বিবাহৰ ভয়াৱহ ছবি

কঠোৰ হৈছে ৰাজ্য চৰকাৰঅসমত বাল্য বিবাহৰ ভয়াৱহ ছবি


বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ৷ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ত [এন এফ এইচ এছ] অসমত বাল্য বিবাহ আৰু কম বয়সতে মাতৃত্বৰ বোজা বহন কৰিবলগীয়া হোৱাৰ তথ্য ঊধবৰ্মুখী হোৱাত ৰাজ্য চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে৷ এন এফ এইচ এছ-৫ৰ তথ্যৰ পাছত অনুষ্ঠিত কেবিনেট বৈঠকত বিষয়টো পুংখানুপুংখভাৱে আলোচনা কৰাৰ পাছত বাল্য বিবাহ ৰোধ আৰু ইতিমধ্যে বিবাহপাশত আবদ্ধ হোৱাসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বাল্য বিবাহ কৰাসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে পষেকৰ ভিতৰত অভিযান চলাব৷ বাল্য বিবাহ সম্পন্ন কৰা মন্দিৰৰ পূজাৰী, কাজী আৰু সন্মতি দিয়া পিতৃ-মাতৃৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ এই বছৰত হোৱা বাল্য বিবাহৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হ’ব আৰু জে’লত ঠাই উলিয়াবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ সংবাদমেলত কয় যে ১৪ বছৰৰ তলৰ ছোৱালীক বিয়া কৰোৱা ল’ৰাক শিশু যৌন অপৰাধ প্ৰতিৰোধ আইন [প’কছ’]ৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড আৰু ১৪-১৮ বছৰৰ কন্যাক বিয়া কৰোৱাসকলে দুবছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব আৰু বিবাহ অবৈধ বুলি ঘোষিত হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে এন এফ এইচ এছ-৫ৰ সমীক্ষাক ৰাজ্য চৰকাৰে অতি সূক্ষ্মভাৱে বিবেচনা কৰিছিল৷ কাৰণ অসমত কম বয়সতে মাতৃত্বৰ বোজা লোৱা নাৰীৰ হাৰ ১১.৭ শতাংশ৷ আনহাতে বাল্য বিবাহত আবদ্ধ হোৱাৰ হাৰ ৩১ শতাংশ৷ ৰাজ্যৰ ১০খন জিলাত বাল্য বিবাহৰ হাৰ অধিক বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে এন এফ এইচৰ সমীক্ষা-৫ৰ তথ্য দাঙি ধৰি কয় যে ধুবুৰী জিলাত ২২ শতাংশ, দক্ষিণ শালমাৰাত ২২ শতাংশ, দৰঙত ১৬ শতাংশ, কামৰূপত ১৫ শতাংশ, হোজাইত ১৫.৬ শতাংশ, বঙাইগাঁৱত ১৫.৪ শতাংশ, নগাঁৱত ১৫ শতাংশ, বৰপেটাত ১৪ শতাংশই কম বয়সতে মাতৃত্বৰ বোজা ল’বলগীয়া হৈছে৷ আইনমতে নিষিদ্ধ বয়সত বিবাহ পাশত আবদ্ধ হোৱাই নহয়, মাতৃত্বৰ বোজা ল’বলগীয়া হোৱাৰ এই ভয়াৱহ তথ্য উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহৰ বিৰুদ্ধে সেয়েহে কঠোৰ ব্যৱস্থা ল’বলৈ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰে৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...