ওজন বৃদ্ধি কৰিবলৈ খাওক এই পানীয় ||Drink this beverage to gain weight

0
272
যিদৰে একাংশ লোকে ওজন হ্ৰাস নোপোৱাৰ সমস্যাত ভোগে, ঠিক একেদৰে আন একাংশ লোক আছে, যিয়ে হাজাৰ চেষ্টা কৰাৰ পাছতো ওজন বৃদ্ধি নোহোৱা সমস্যাত ভোগে৷ ইয়াৰ বাবে বহু সময়ত তেওঁলোকে অইন মানুহৰ সন্মুখত হাঁহিয়াতৰ পাত্ৰ হ’বলগা হয়৷ যাৰ বাবে তেওঁলোকে হীনমন্যতাত নোভোগাও নহয়৷ 

কেতিয়াবা শৰীৰত পুষ্টিৰ অভাৱ হ’লেও মানুহ খীণাই-শুকাই যায়৷ গতিকে আপুনিও যদি ওজন বৃদ্ধি কৰিব বিচাৰিছে, তেন্তে খাওক এইবিধ পানীয়৷ যাৰ নাম হৈছে Banana Smoothie ৷

Banana Almond Flax Smoothie - Cooking Classy

ইয়াৰ বাবে আপোনাক লাগিব কল, বাদাম, গাখীৰ, দৈ আৰু ডালচেনি পাউডাৰ৷ এই গোটেইকেইবিধ সামগ্ৰী একেলগে মিক্সিত ব্লেণ্ড কৰি লৈ খালে শৰীৰৰ ওজন বৃদ্ধি হোৱাত যথেষ্ট অৰিহণা যোগায়৷ কলত কাৰ্বহাইড্ৰেট আৰু কেলৰি পোৱা যায়, যিয়ে প্ৰাকৃতিকভাৱে ওজন বৃদ্ধি কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here