এইকেইটা ৰোগত কঁঠালৰ গুটি খাওক

0
2396
কঁঠাল এনেকুৱা এবিধ ফল, যাক ফলৰ পৰা গুটিলৈ মানুহে খাই ভাল পায়৷ বিশেষকৈ ইয়াৰ গুটি৷ কঁঠালৰ গুটি খাই ভাল নোপোৱা মানুহ নায়েই৷ কঁঠালৰ গুটি দাইলত দি, জুইত পুৰি আদি বিভিন্ন ধৰণে জুতি লগাই খোৱা হয়৷ পিছে আপোনালোকে কঁঠালৰ গুটিৰ উপকাৰিতাৰ বিষয়ে জানেনে?

[১] কঁঠালৰ গুটিত যথেষ্ট পৰিমাণে প্ৰ’টিন পোৱা যায়৷ প্ৰ’টিনে পেশী নিৰ্মাণত সহায় কৰে৷
[২] পনীয়া শৌচ হ’লে কঁঠালৰ গুটি পুৰি খুৱাব লাগে৷
[৩] কঁঠালৰ গুটিয়ে এণ্টিবায়’টিকৰ দৰে কাম কৰে৷ কটা-ছিঙা, খজুৱতি, ঘা লগা আদি শুকোৱাত কঁঠালৰ গুটিয়ে যথেষ্ট সহায় কৰে৷

Benefits and concerns of Jackfruit Seeds


[8] কঁঠালৰ গুটিত থকা আইৰনে যৌন স্বাস্থ্য উন্নত কৰে৷ এনিমিয়া দূৰ কৰাটো ই উত্তম৷
[৫] কঁঠালৰ গুটিত থকা এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেল্‌ছ দূৰ কৰি ৰিংকল্‌ছ নোহোৱা কৰিব পাৰে৷ ইয়াৰ বাবে কঁঠালৰ গুটি কেঁচা গাখীৰৰ লগত পিচি পেষ্ট বনাই মুখত দৈনিক এবাৰমান সানিব লাগে৷

সেয়েহে বতৰৰ ফল কঁঠালৰ গুটি নিয়মিত খাই শৰীৰ সুস্থ কৰি ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here