Home Daily news উদ্যোগপতি ৰতন টাটাৰ মহানুভৱতা অসমক সাতখন কেঞ্চাৰ হাস্পতাল প্ৰদান

উদ্যোগপতি ৰতন টাটাৰ মহানুভৱতা অসমক সাতখন কেঞ্চাৰ হাস্পতাল প্ৰদান

অসমৰ স্বাস্থ্য খণ্ডত কৰ্কট চিকিৎসা সেৱাৰ ক্ষেত্ৰত নতুন যুগৰ সূচনাৰে যোৱা ২৮ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ত উপস্থিত হৈ ৰাজ্যৰ ৭টা কৰ্কট চিকিৎসা কেন্দ্ৰ মুকলি কৰে৷ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু টাটা ট্ৰাষ্টে নিৰ্মাণ কৰি উলিওৱা ৰাজ্যৰ ৭খন [ডিব্ৰুগড়, বৰপেটা, তেজপুৰ, লখিমপুৰ, যোৰহাট, দৰং আৰু কোকৰাঝাৰ] কেঞ্চাৰ কেয়াৰ কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী মোদীয়ে ডিব্ৰুগড়ৰ পৰাই ভাৰ্চুৱেলী উদ্বোধন কৰে৷ 
বিশাল ৰাজহুৱা সভাত ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলী, টাটা ট্ৰাষ্টৰ চেয়াৰমেন ৰতন টাটা, অসম মন্ত্ৰীসভাৰ মন্ত্ৰী ক্ৰমে কেশৱ মহন্ত, অতুল বৰা, বিমল বৰা, অজন্তা নেওগ, সঞ্জয় কিষাণ, দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা সাংসদ ৰঞ্জন গগৈকে প্ৰমুখ্য কৰি অন্যান্য নিমন্ত্ৰিত অতিথি উপস্থিত থাকে৷ 
ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে অসম এতিয়া শান্তি আৰু বিকাশৰ পথত আগবঢ়া এখন ৰাজ্য৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৰ্ধিত কৰ্কট ৰোগীৰ সংখ্যালৈ চাই এই হাস্পতালকেইখনে ৰোগীক সুলভ আৰু গুণগত চিকিৎসা প্ৰদানত সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ 
এই ক্ষেত্ৰত বিশেষকৈ দুখীয়া ৰোগীসকলে সকাহ পাব বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰই প্ৰিভেণ্টিও হেল্‌থ কেয়াৰ, সাধাৰণ জনতাৰ বাবে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহ উন্নীত কৰা, দুখীয়া ৰাইজক ভাল হাস্পতালত বিনামূলীয়া গুণগত চিকিৎসা লাভত গুৰুত্ব দিয়ে৷ 
কৰ্কট ৰোগৰ চিকিৎসা সুলভ আৰু সহজ কৰা কেন্দ্ৰই কৰ্কট ৰোগৰ ঔষধৰ দাম আধা কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যাৰ ফলত কৰ্কট ৰোগীৰ ঔষধৰ খৰচ ১০০০ কোটিলৈ হ্ৰাস পালে৷ অসমত চাহৰ ব্যৱসায় কৰা ৰতন টাটাই এতিয়া স্বাস্থ্য খণ্ডৰ উন্নয়নত মনোযোগ দিয়া কাৰ্যত প্ৰধানমন্ত্ৰীয়ে উদ্যোগপতিগৰাকীক প্ৰশংসা কৰে৷
এই কৰ্কট হাস্পতালকেইখনৰ পৰা অসমৰে নহয় দক্ষিণ-পূব এছিয়াৰ কৰ্কট ৰোগীয়ে বিশ্বমানৰ চিকিৎসা সেৱা গ্ৰহণৰ সুবিধা লাভ কৰিব বুলি তেওঁ কয়৷ টাটা ট্ৰাষ্টৰ অধ্যক্ষ উদ্যোগপতি ৰতন টাটাক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰি কয় যে অসমীয়া জাতিয়ে তেওঁক সদায় আদৰেৰে নাম ল’ব৷ 
টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই কয় যে অসমৰ ইতিহাসৰ এক উল্লেখনীয় দিন৷ অসমত উচ্চ মানৰ কৰ্কট চিকিৎসা সেৱা এতিয়া উপলব্ধ হ’ল৷ কৰ্কট চিকিৎসা এতিয়া ধনী শ্ৰেণীয়েহে ব্যয় কৰিব পৰা ৰোগ বুলি বিবেচিত নহ’ব বুলি টাটাই কয়৷ অসম এতিয়া উচ্চ মানৰ চিকিৎসা সেৱা উপলব্ধ হোৱা ৰাজ্য বুলি গণ্য হ’ল বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ক্ষণ অসমৰ জাতীয় জীৱনৰ বাবে এক গৌৰৱময় দিন৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,