মানুহৰ দেহত ধৰা পৰিল Bird fluৰ সংক্ৰমণ

0
290

চীনৰ যুহান প্ৰদেশৰ মাৰাত্মক কভিড-১৯ ভাইৰাছৰ আৱিৰ্ভাৱ ঘটিছিল আৰু সমগ্ৰ বিশ্বজুৰি ইয়াৰ ফল ভোগ কৰিছিল যোৱা দুটা বছৰ ধৰি৷ গোটেই বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড মহামাৰীৰ ফলত কোটিৰ ঘৰত মানুহৰ মৃত্যু ঘটিছিল৷ এইবাৰ পুনৰ চীনত পুনৰ আতংকই দেখা দিছে৷

চীনত প্ৰথমবাৰৰ বাবে Bird flu এইচ ৩ এন ৮ নামৰ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ এই Bird fluৱে মানৱ দেহত ধৰা পৰাত এতিয়া অকল চীনেই নহয়, সমগ্ৰ বিশ্বই আতংকিত হৈ পৰিছে৷ এই ভাইৰাছবিধত আক্ৰান্ত হৈছে এটি চাৰি বছৰীয়া শিশু৷ মানৱ দেহত সংক্ৰমিত হোৱা এই Bird flu ভাইৰাছবিধ অৱশ্যে নতুন নহয়৷

এইবিধ ভাইৰাছৰ ২০০২ চনত উত্তৰ আমেৰিকাত সন্ধান পোৱা গৈছিল৷ সাধাৰণতে ঘোঁৰা, কুকুৰ, শিহুৰশৰীৰত এইবিধ ভাইৰাছ দেখিবলৈ পোৱা যায়৷ ইয়াৰ বাহিৰেও হাঁহ, কুকুৰাও এই ভাইৰাছৰ আক্ৰান্ত হয়৷ ২০০২ চনত ইয়াৰ উপস্থিতি ধৰা পৰিছিল যদিও ইমান বছৰে ইয়াৰ উপস্থিতি মানুহৰ শৰীৰত ধৰা পৰা নাছিল৷

সেয়েহে এতিয়া চীনৰ লগতে সমগ্ৰ বিশ্বই এই ভাইৰাছবিধৰ উপস্থিতিৰ বাবে ভয়ানক শংকাত দিন পাৰ কৰিছে৷ শৰীৰত এইবিধ ভাইৰাছ দেখিবলৈ পোৱা যায়৷ ইয়াৰ বাহিৰেও হাঁহ, কুকুৰাও এই ভাইৰাছৰ আক্ৰান্ত হয়৷

২০০২ চনত ইয়াৰ উপস্থিতি ধৰা পৰিছিল যদিও ইমান বছৰে ইয়াৰ উপস্থিতি মানুহৰ শৰীৰত ধৰা পৰা নাছিল৷ সেয়েহে এতিয়া চীনৰ লগতে সমগ্ৰ বিশ্বই এই ভাইৰাছবিধৰ উপস্থিতিৰ বাবে ভয়ানক শংকাত দিন পাৰ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here