Home Diet Plus ইউৰিক এচিড সহজে নিয়ন্ত্ৰণ কৰিবলৈ লওক এই ব্যৱস্থা

ইউৰিক এচিড সহজে নিয়ন্ত্ৰণ কৰিবলৈ লওক এই ব্যৱস্থা

আধুনিক জীৱন-যাপনত ইউৰিক এচিডৰ সমস্যাটো চিন্তাৰ কাৰণ হৈ পৰিছে৷ শৰীৰৰ পৰা কিডনীয়ে ইউৰিক এচিড বাহিৰ কৰি দিয়ে৷ যদি শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি যায়, তেতিয়া এই অতিৰিক্ত ইউৰিক এচিড কিডনীয়ে বাহিৰ কৰাত অক্ষম হৈ পৰে৷ ফলত নানা বিসংগতিয়ে দেখা দিয়ে শৰীৰত৷ অত্যধিক ওজন বৃদ্ধি, অনিয়মীয়া খাদ্যাভ্যাস, মানসিক চাপ, দুশ্চিন্তা, কিডনীৰ বিকাৰ, হাইপোথাইৰয়েডিজম, নিৰ্দিষ্ট ধৰণৰ কেঞ্চাৰ বা কেমোথেৰপি, ছোৰিয়াছিছ, ডায়েবেটিছ ৰোগীয়ে মাত্ৰাধিক ঔষধ সেৱন, এলকহলৰ প্ৰতি আসক্তি আদিয়ে শৰীৰত ইউৰিক এচিড বঢ়াৰ মূল কাৰণ৷ এইধৰণৰ সমস্যা হ’লে শৰীৰত ইউৰিক এচিড বাঢ়িব পাৰে৷ ইউৰিক এচিড কেনেদৰে নিয়ন্ত্ৰণ কৰিব থোৰতে জানি থওঁ আহক৷
ইউৰিক এচিড বঢ়াৰ প্ৰধান কাৰণ হ’ল জীৱন ধাৰণ আৰু খাদ্যাভ্যাস৷ খাদ্য তালিকাত সুষম আহাৰ থাকিলে ইউৰিক এচিড নিয়ন্ত্ৰণ থাকে৷ পিউৰিন সমৃদ্ধ খাদ্য কমকৈ গ্ৰহণ কৰক৷

সাধাৰণতে প্ৰ’টিনজাতীয় খাদ্য বেছিকৈ গ্ৰহণ কৰিলে ইউৰিক এচিড বাঢ়ে৷ আনহাতে গৱেষণাৰ পৰা গম পোৱা মতে অতিৰিক্ত পৰিমাণে মিঠাই খালেও ইউৰিক এচিডৰ পৰিমাণ বাঢ়িব পাৰে৷ প্ৰছেচড খাদ্য চেনিত ফ্ৰুক্টজ হিচাপে থাকে৷ ফলত ইউৰিক এচিড নিয়ন্ত্ৰণৰ বাবে প্ৰছেচড খাদ্য এৰাই চলাই ভাল৷
শৰীৰৰ বাবে পানী প্ৰচুৰ পৰিমাণে সেৱন কৰাটো দৰকাৰ৷ বেছি মাত্ৰাত পানী সেৱন কৰাৰ ফলত কিডনীয়ে প্ৰস্ৰাৱৰ মাধ্যমেৰে ইউৰিক এচিড বাহিৰ কৰি দিয়ে৷ সেয়েহে ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিবলৈ পানী সেৱন কৰাটো উচিত৷
এলকহল সেৱনৰ পৰা বিৰত থাকক৷ কিয়নো এলকহল সেৱনৰ ফলত ইউৰিক এচিডৰ সমস্যাই দেখা দিব পাৰে৷
শৰীৰৰ ওজন যদি অত্যধিক হৈছে, তেন্তে শীঘ্ৰেই শৰীৰৰ ওজন হ্ৰাস কৰক৷ নহ’লে সহজে শৰীৰত ইউৰিক এচিডৰ সমস্যাই আহুকালত পেলাব পাৰে৷
ইউৰিক এচিড নিয়ন্ত্ৰণৰ বাবে ফাইবাৰজাতীয় খাদ্য যেনে শাক-পাচলি, ড্ৰাই ফ্ৰুইটছ, ওটছ আদি যথেষ্ট পৰিমাণে খাব লাগে৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...