Home Daily news আশাৰ বতৰা কঢ়িয়াই ছে ব্ৰহ্মপুত্ৰৰবালিচৰৰ তৰমুজৰ খেতিয়ে

আশাৰ বতৰা কঢ়িয়াই ছে ব্ৰহ্মপুত্ৰৰবালিচৰৰ তৰমুজৰ খেতিয়ে


ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াত এদিন সৰ্বস্ব হেৰুৱাই নিঠৰুৱা হৈ পৰা মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ এদল খহনীয়াগ্ৰস্ত লোকে এতিয়া খৰালি বতৰত ব্ৰহ্মপুত্ৰৰ বালি চাপৰিসমূহত বিচাৰি পাইছে জীৱন-জীৱিকাৰ সমল৷ খহনীয়াৰ কবলত পৰি এসময়ত জীয়াই থকাৰ সকলো সপোন হেৰুওৱা একাংশ খহনীয়াগ্ৰস্ত পৰিয়ালে যোৱা কেইবা বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ বালিত সেউজীয়া সোণ উৎপাদন কৰি পেটে-ভাতে খাই জীৱন যাপন কৰি আহিছে৷ এইবেলি ভূৰাগাঁও ৰাজহ চক্ৰত অতি কমেও ১৮-২০ হাজাৰ বিঘা মাটিত বিভিন্ন জাতৰ তৰমুজৰ খেতি কৰিছে খহনীয়াগ্ৰস্ত অঞ্চলটোৰ একাংশ লোকৰ লগতে কেইবাটাও আত্মসহায়ক গোটে৷ কোপতিমাৰি আত্মসহায়ক গোটৰ সম্পাদক আবু চামাদে জনোৱা মতে, এইবেলি ৰাজহ চক্ৰটোৰ বালিডোংগাৰ পৰা ভূৰাগাঁও, পাভকাটি, দীঘলিআটি আৰু আমবাগানলৈকে অতি কমেও ১৮১ পৰা ২০ হাজাৰ বিঘা বালিময় ভূমিত অঞ্চলটোৰ একাংশ খহনীয়াগ্ৰস্ত কৃষক আৰু আত্ম সহায়ক গোটে তৰমুজ খেতি কৰিছে৷ উল্লেখ্য যে কোপতিমাৰি গাঁৱৰ একাংশ লোকে ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিসমূহত সমবায় ভিত্তিত খেতি কৰাৰ লক্ষ্যৰে গঠন কৰা আত্মসহায়ক গোটটোৱে বিগত ১৪ বছৰ ধৰি অঞ্চলটোৰ বিভিন্ন চৰ-চাপৰিত বিভিন্ন জাতৰ তৰমুজৰ খেতি কৰি আহিছে৷ গোটটোৱে এই বছৰো ভূৰাগাঁও চাৰিআলিৰ নিকটৱৰ্তী বালি চাপৰিত ৪০ বিঘা মাটিত তৰমুজৰ খেতি কৰিছে৷ বৰ্তমান গোটৰ সদস্য-সদস্যাসকলে তৰমুজৰ খেতিত পুলিসমূহত চাৰিও দিশে বালি খান্দি সাৰ আৰু গোৱৰ দিয়া কামত নিয়োজিত হৈ পৰিছে৷ গোটৰ সম্পাদক আবু চামাদে জনোৱা মতে, প্ৰতি বিঘা মাটিত ১২ হাজাৰ মানকৈ টকা খৰচ হয় আৰু ইয়াৰ পৰা তেওঁলোকে তৰমুজ ভালদৰে উৎপাদন কৰিব পাৰিলে আৰু বজাৰ ভাল হ’লে প্ৰতি বিঘা তৰমুজৰ খেতিত ৪০-৬০ হাজাৰ পৰ্যন্ত টকা লাভ কৰিবলৈ সক্ষম হয়৷ খহনীয়াগ্ৰস্ত অঞ্চলটোৰ কৃষিজীৱী লোকসকললৈ ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত উৎপাদিত হাজাৰ হাজাৰ বিঘা তৰমুজৰ খেতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,