কঠোৰ নিয়মৰ বাবে বছৰৰ শেষৰদিনটোত দুৰ্ঘটনাৰ সংখ্যা কম

0
135


পূৰ্বৰ তুলনাত ৩১ ডিচেম্বৰত এইবাৰ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা হ্ৰাস পালেও ৰাজ্যত সংঘটিত হ’ল ৭৯টা পথ দুৰ্ঘটনা৷ গুৱাহাটী মহানগৰীতেই সংঘটিত হ’ল ৪৭টা পথ দুৰ্ঘটনা৷ ৰাজ্যৰ অন্য প্ৰান্তত সংঘটিত হয় ৩২টা দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত মৃত্যু হৈছে প্তজনৰ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় কতৃৰ্পক্ষই প্ৰকাশ কৰা পৰিসংখ্যাত এই তথ্য প্ৰকাশ পাইছে৷ উল্লেখ্য যে পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে এইবাৰ বিভিন্ন পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে৷ সুৰাপান কৰি গাড়ী চলোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ উপৰি পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে বিগত কেইদিনত ৰাজপথত, গুৱাহাটী মহানগৰৰ ভিন্ন স্থানত অভিযান চলাই আহিছে৷ সুৰাপায়ী চালকক জৰিমনা বিহা হৈছে৷ সুৰাপান কৰি গাড়ী চলোৱা, বনভোজস্থলীত সুৰা পান আদিৰ বাবে বিগত বছৰসমূহত এই সময়ছোৱাত বহু পথ দুৰ্ঘটনা সংঘটিত হয়৷ কিন্তু এইবাৰ চৰকাৰে আগতীয়াকৈ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ সজাগতা সৃষ্টি কৰাৰ উপৰি কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰাত আইনবাৰৰ তুলনাত বছৰৰ শেষ দিনটোত তুলনামূলকভাৱে দুৰ্ঘটনাৰ সংখ্যা কম৷ অৱশ্যে জি এম চি এইচৰ পৰিসংখ্যা বা সংগ্ৰহীত তথ্যৰ বাহিৰেও ৰাজ্যৰ চুকে-কোণে দুই-এটা দুৰ্ঘটনা সংঘটিত হৈছে, যিবোৰ হয়তো পোহৰলৈ অহা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here