আপোনাৰ সন্তানটিৰ ম’বাইল গেমৰ প্ৰতি আসক্ত কিমান ভয়াৱহ আপুনি জানেনে? Know how dangerous mobile games are for your child?

0
2124

বৰ্তমান যুগত মোবাইল ফোনে শিশুসকলৰ মাজত বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷ যুৱ-প্ৰজন্মৰ এচামে খোৱা-শোৱা বাদ দি দিনটো মোবাইলত ব্যস্ত থকাৰ ফলত তেওঁলোকৰ মানসিকতাৰ পৰিৱৰ্তন ঘটা দেখা গৈছে৷ অনৱৰতে মোবাইলত লাগি থকাৰ বাবে বাহ্যিক জগতখনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক নষ্ট হৈছে৷ ফলস্বৰূপে বাহিৰত কি ঘটি আছে, সেইবোৰৰ জ্ঞান সীমিত হৈ পৰিছে৷ আপোনাৰ শিশুটি ম’বাইল গে’মৰ প্ৰতি আসক্ত নেকি? তেন্তে আজিয়েই সাৱধান হওক৷ নহ’লে আপুনিও হ’ব পাৰে সন্তান হেৰুওৱাৰ দৰে ঘটনাৰ সাক্ষী৷

28-year-old youth from Assam's Nalbari district kills self in Bengaluru - Sentinelassam


কি এই ভয়াৱহ ঘটনা– ম’বাইল ফ’ন অত্যধিক ব্যৱহাৰ কৰি অথবা ম’বাইলৰ গে’মৰ প্ৰতি আসক্ত হৈ ইতিমধ্যে এচাম নৱ প্ৰজন্ম বিপথে পৰিচালিত হোৱাৰ ভিন্ন ঘটনাই খবৰ কাগজৰ শিৰোনাম দখল কৰাৰ সময়তে অনলাইন গে’ম খেলিবলৈ ম’বাইল নোপোৱাৰ বাবেই এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই আত্মহত্যা কৰা এক ঘটনাই নলবাৰী জিলাৰ মুকালমুৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে মুকালমুৱাৰ ওচৰৰ মাদলাবড়ী গাঁৱৰ ৰমেন বড়োৰ পুত্ৰ বিকাশ বড়ো নামৰ ছাত্ৰজনে নিতৌ ম’বাইল ফ’নত গে’ম খেলি থাকে বাবেই অভিভাৱকে বিগত কিছুদিনৰ পৰা বাধা দি আহিছিল৷ পিছে, ছাত্ৰজনে কাণসাৰ নকৰাত আজি ম’বাইলটো কাঢ়ি নিছিল অভিভাৱকে৷ পাছত, নিজ গৃহতে ডিঙিত গামোচা লগাই আত্মহত্যাৰ পথ বাছি লয় ছাত্ৰজনে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here