আপোনাৰ শিশুটিয়ে গাখীৰ খাবলৈ ইচ্ছা নকৰে নেকি ? Is your child averse to Milk ?

0
715
আয়ুৰ্বেদ চিকিৎসা অনুসৰি গাখীৰক সম্পূৰ্ণ আহাৰ হিচাপে বিবেচনা কৰা হয়৷ বিশেষজ্ঞৰ মতে কিবা কাৰণত যদি আপোনাৰ ব্ৰেকফাষ্ট বা লাঞ্চ বাদ পৰি যায়, তেন্তে এগিলাচ গাখীৰ খালেও আপোনাৰ শৰীৰটোৱে যথেষ্ট পুষ্টি লাভ কৰে৷ শিশুৰ বাবে গাখীৰ অত্যন্ত প্ৰয়োজনীয়৷ কিন্তু দেখিবলৈ পোৱা যায় যে বহুতো শিশুৱে গাখীৰ খাবলৈ ইচ্ছা নকৰে৷ বাঢ়ি অহাৰ সময়তে যদি শিশুটিৱে গাখীৰ নাখায়, তেন্তে তেওঁলোকে প্ৰয়োজনীয় পুষ্টি ক’ৰপৰা লাভ কৰিব? সেয়েহে আজি আমি লৈ আহিছোঁ গাখীৰৰ বিকল্প হিচাপে এনে কিছুমান খাদ্য, যাৰ নিয়মিত সেৱনে শিশুটিৰ শৰীৰত গাখীৰৰ পুষ্টিৰ অভাৱ দূৰ কৰিব পাৰিব৷

(১) শিশুক দিনৰ কোনোবা এটা সময়ত ওটছ খাব দিব লাগে৷ ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু অন্যান্য ভিটামিন পোৱা যায়, যিয়ে গাখীৰৰ অভাৱ দূৰ কৰিব পাৰে৷

545 Kids Eating Oatmeal Stock Photos, Pictures & Royalty-Free Images - iStock


(২) দৈনিক বাদাম খালেও শৰীৰে প্ৰয়োজনীয় পুষ্টি লাভ কৰে৷

Kids and Food Allergies: What to Look For


(৩) আপোনাৰ শিশুটিয়ে যদি গাখীৰ নাখায়, তেন্তে তাৰ পৰিৱৰ্তে মাখন, দৈ বা চিজ খাবলৈ দিয়ক৷ ইয়াৰ দ্বাৰাও শিশুৱে প্ৰয়োজনীয় কেলচিয়াম লাভ কৰিবলৈ সক্ষম হয়৷

Cheese For Babies: When To Introduce, Benefits And Recipes


(৪) দৈনিক এটাকৈ কণী খাবলৈ দিয়াটো শিশুৰ বাবে উত্তম৷ কিয়নো ইয়াত প্ৰ’টিন, ভিটামিন, এণ্টিঅক্সিডেণ্ট তথা শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো উপাদন পোৱা যায়৷

Five reasons eggs are perfect food for kids | eggfarmers.ca


(৫) বিভিন্ন ধৰণৰ দাইলত প্ৰ’টিনৰ লগতে মিনাৰেল পোৱা যায়৷ গতিকে আপোনাৰ শিশুটিৱে যদি গাখীৰ খাবলৈ ইচ্ছা নকৰে, তেন্তে তেওঁলোকক বিভিন্ন ধৰণৰ দাইলৰ সোৱাদ ল’বলৈ আগ্ৰহী কৰক৷

Dal Fry (Restaurant Style Recipe) » Dassana's Veg Recipes

LEAVE A REPLY

Please enter your comment!
Please enter your name here