Home Daily news আন্তঃৰাষ্ট্ৰীয় বজাৰত নতুন প্ৰজাতিৰ ভোট জলকীয়াই পাইছে সমাদৰ

আন্তঃৰাষ্ট্ৰীয় বজাৰত নতুন প্ৰজাতিৰ ভোট জলকীয়াই পাইছে সমাদৰ

জামুগুৰিহাটৰ মৰিসুঁতিত উৎপাদন কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তিনিটা বিশেষ প্ৰজাতিৰ ভোট জলকীয়াই বজাৰত লাভ কৰিছে বিশেষ সমাদৰ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে অষ্ট্ৰেলিয়ান চিটু, অসম টু, এছ ৱান চিটু নামৰ ভোট জলকীয়াকেইবিধ বজাৰত ক্ৰয় কৰিবলৈ এতিয়া হেতা-ওপৰা কৰে ক্ৰেতাই৷ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মৰিসুঁতিৰ  যুৱ কৃষক জীৱন গুৰুঙে কৃষি বিভাগৰ প্ৰশিক্ষণ তথা সহযোগিতাৰ অবিহনেই উৎপাদন কৰিছে এইকেইবিধ ভোট জলকীয়া৷ কম মাটিতে অধিক পৰিমাণে উৎপাদন কৰা এই নতুন প্ৰজাতিৰ ভোট জলকীয়া খেতি কৰি নতুন প্ৰজন্মৰ খেতিয়ক উপকৃত হ’ব পৰাৰ থল আছে বুলি মন্তব্য কৰে যুৱ কৃষক জীৱন গুৰুঙে৷ 
যুৱ কৃষকজনে আৰু জানিবলৈ দিয়া মতে অসমৰ মাটি ভোট জলকীয়া খেতিৰ বাবে অতিকৈ উপযুক্ত৷ চৰকাৰী সা-সুবিধা লাভ কৰিলে অসমৰ যুৱ প্ৰজন্মই অন্যান্য কৃষি কৰ্মৰ লগতে এই ভোট জলকীয়া খেতিতো মনোনিৱেশ কৰি আত্মসংস্থাপনৰ বাট মোকলাব পাৰে৷ উল্লেখ্য যে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ উৎপাদন হোৱা ভোট জলকীয়াই পূৰ্বতে ইতিমধ্যে অত্যধিক জলা জলকীয়া হিচাপে পৰিচয় পাবলৈ সক্ষম হোৱাৰ লগতে এই অঞ্চলত উৎপাদন হোৱা নেমু অসমৰ প্ৰায়সমূহ জিলালৈ ৰপ্তানি হোৱাৰ লগতে বহিঃৰাজ্যলৈ ৰপ্তানি হৈছে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...