ডাবৰ পানীৰে ছালখন কিদৰে উজ্জ্বল কৰিব ?

0
443

ডাবৰ পানী আমাৰ সু-স্বাস্থ্যৰ বাবে অতি প্ৰয়োজন৷ ডাবৰ পানীয়ে শৰীৰৰ নানা উপকাৰ সাধন কৰে৷ খোৱাৰ উপৰি কিন্তু এই ডাবৰ পানী ফেচিয়েল হিচাপে ব্যৱহাৰ কৰি আপোনাৰ ছালখন উজ্জ্বল তথা সতেজ কৰি ৰাখিব পাৰে৷ মহিলাসকলে মুখৰ সৌন্দৰ্য বৰ্তাই ৰখিবলৈ নিয়মিতভাৱে বিউটি পাৰ্লাৰলৈ যায়৷ কিন্তু ইয়াত ব্যৱহৃত কছমেটিকবোৰে ছালখনৰ অনিষ্ট কৰিব পাৰে৷সেয়েহে প্ৰাকৃতিকভাৱে পোৱা নাৰিকলৰ পানী ব্যৱহাৰ কৰি ছালখন সুস্থ ৰাখক৷  ডাবৰ পানী মুখৰ ছালখনত কিদৰে ব্যৱহাৰ কৰিব জানো আহক৷
ফেচ ক্লিনজাৰ হিচাপে নাৰিকলৰ পানী ব্যৱহাৰ কৰিব পাৰে৷ ডাবৰ পানীত মইশ্বৰাইজাৰিং গুণেৰে সমৃদ্ধ হোৱা হেতু ছালখন সতেজ কৰি ৰাখে৷ অসহ্য গৰমৰ বাহিৰ পৰা আহি মুখখনত ডাবৰ পানী লগাওক৷ কিছুসময় লগাই পাছত পৰিষ্কাৰ পানীৰে দুই দিব৷ এনে কৰিলে ছালখনৰ সজীৱতা পুনৰ ঘূূৰি আহে৷
ডাবৰ পানী আৰু গোলাপ জল মিহলাই সেই মিশ্ৰণটো কপাহৰ সহায়ত মুখত লগাওক৷ এই মিশ্ৰণে মুখৰ টনিং কৰাত সহায় কৰে৷
এক্সফলিয়েশ্যন কফিৰ সৈতে ডাবৰ পানী মিহলাই এটা পেষ্ট তৈয়াৰ কৰক৷ কিছুসময় এই মিশ্ৰণটোৰে মুখত মাচাজ কৰক৷ এনে কৰিলে ছালৰ শুষ্কতা দূৰ হৈ ছালখন সতেজ আৰু উজ্জ্বল হৈ পৰে৷
ডাবৰ পানীৰ সৈতে এলোভেৰা জেল মিশ্ৰণ কৰি এই মিশ্ৰণটো মুখত ১৫ মিনিটমান সময়ত মাচাড কৰি লগাই ৰাখক৷ পাছত পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাওক৷ এইদৰে কৰাৰ ফলত মুখৰ ৰক্ত সঞ্চালন উন্নত হোৱাৰ লগতে মুখৰ উজ্জ্বলতা ঘূৰি আহে৷
এচামুচ বেচন, ডাবৰ পানী, এচামুচ হালধি, এটামুচ মৌ মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰক৷ এই উপকৰণটো গোটেই মুখতে ভালদৰে লেপন দিয়ক৷ ২০ মিনিটমান এনেদৰে ৰাখি পাছত ঠাণ্ডা পানীৰে মুখখন ধুই পেলাওক৷ এই মিশ্ৰণটোৰ জৰিয়তে ছালৰ উজ্জ্বলতা, সতেজতা দুহুণে বাঢ়ি যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here