Home Daily news আচৰিত ! এটা মাটিকঁঠালৰ দাম কিমান হ’ব পাৰে জানেনে ?

আচৰিত ! এটা মাটিকঁঠালৰ দাম কিমান হ’ব পাৰে জানেনে ?

মাটিকঁঠাল এবিধ সুস্বাদু ফল হিচাপে জনা যায়৷ ইয়াৰ উপকাৰিতাও যথেষ্ট আছে৷ সাধাৰণতে এটা মাটিকঁঠালৰ দাম আমাৰ ৰাজ্যত কিমান হ’ব পাৰে, সেইটো অনুমান কৰাটো তেনেই সহজ৷ কিয়নো খুব বেছি ৩০-৪০ টকাত এটা মাটিকঁঠাল ক্ৰয় কৰিব পাৰি৷ কিন্তু এই কথা শুনি আপুনি অকণো আচৰিত নহ’ব যে এটা মাটিকঁঠালৰ দাম লাখ টকাপৰ্যন্ত হ’বও পাৰে৷ হয় কথাটো একেবাৰে সত্য৷ এইটো পৃথিৱীৰ আটাইতকৈ দামী মাটিকঁঠাল৷ এটাৰ দাম ১ লাখ টকা৷ ইংলেণ্ডৰ কৰ্নৱালৰ হেলিগান গাৰ্ডেনত এইবিধ মাটি কঁঠালৰ খেতি কৰা হয় আৰু গাৰ্ডেনখনৰ নামেৰেই ইয়াৰ নামো হেলিগান পাইনএপ্‌ল৷ প্ৰায় ১০০০ পাউণ্ড দামৰ [ৰ লাখ টকা] এই মাটিকঁঠাল উৎপাদন কৰিবলৈ ২-৩ বছৰ সময় লাগে আৰু যথেষ্ট শ্ৰমৰ প্ৰয়োজন হয়৷ গাৰ্ডেনখনৰ বিষয়াসকলে কয় যে নিলাম কৰিলে একোটা মাটিকঁঠালৰ দাম ১০ লাখ টকা পৰ্যন্ত হ’বগৈ পাৰে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...