Home Daily news অৰ্কিডৰ সুৰক্ষাৰ ক্ষেত্ৰত ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়াৰ পদক্ষেপ

অৰ্কিডৰ সুৰক্ষাৰ ক্ষেত্ৰত ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়াৰ পদক্ষেপ

অবৈধভাৱে ব্যৱসায় কৰাৰ বাবে ভাৰতৰ অৰ্কিডসমূহ লাহে লাহে বিলুপ্ত হ’বলৈ গৈ আছে৷ বিভিন্ন প্ৰজাতিৰ ১২৫৬ বিধ অৰ্কিড ভাৰতত পোৱা যায়, ইয়াৰে ৩০৭ বিধ অৰ্কিড আমাৰ দেশীয় আৰু কেৱল ১১ বিধ অৰ্কিডহে ৱাইল্ডলাইফ [প্ৰটেক্টশ্যন] এক্ট, ১৯৭২১ অধীনত সুৰক্ষিত কৰা হৈছে৷ অবৈধ ব্যৱসায়ৰ পৰা অৰ্কিডসমূহলৈ অহা ভাবুকিৰ বিষয়ে আলোকপাত কৰিবলৈ আৰু ১১টা সুৰক্ষিত অৰ্কিড প্ৰজাতিক চিনাক্ত কৰোৱাবলৈ ট্ৰেফিক আৰু ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়াই বৈধভাৱে সুৰক্ষিত কৰা অৰ্কিড প্ৰজাতিসমূহৰ বিষয়ত এখন প’ষ্টাৰ প্ৰস্তুত কৰিছে যাতে এইসমূহৰ অবৈধ ব্যৱসায় আৰু ব্যৱহাৰ নিষিদ্ধ কৰিব পৰা যায়৷ এই ‘বৈধভাৱে সুৰক্ষিত ভাৰতৰ অৰ্কিডসমূহ’ৰ প’ষ্টাৰখনত অৰ্কিড ফুলসমূহ আৰু সম্বন্ধীয় তথ্যসমূহৰ সংমিশ্ৰণ ঘটিছে৷ এই প’ষ্টাৰখনে অৰ্কিডসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰী, শিক্ষিত লোক আৰু সৰ্বসাধাৰণৰ মাজত সজাগতা আনিব বুলি আশা কৰা হৈছে৷

Most Popular

পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ!জানক ইয়াৰ আঁৰৰ কথা

ধূমপানৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ তালিকাখন আমাৰ সকলোৰে জ্ঞাত৷ সেয়ে সময়সাপেক্ষে কিছুমান এলেকা বা অঞ্চল ধূমপানৰ পৰা সুৰক্ষিত হ’বলৈ নিষিদ্ধ কৰা হয়৷...

শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব

আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...

চলিত সপ্তাহত পৃথিৱীৰ একেবাৰেকাষেৰে পাৰ হ’ব এটা গ্ৰহাণু

ন্ডপৃথিৱীৰ কাষেৰে গ্ৰহাণু বা গ্ৰহাণুপুঞ্জ পাৰ হোৱাৰ ঘটনাটো নতুন নহয় যদিও পৃথিৱীৰ একেবাৰে কাষেৰে গ্ৰহাণু পাৰ হোৱাৰ ঘটনা এইবাৰ সংঘটিত হ’ব৷ চলিত...

বাহন চলিব গোবৰ গেছৰ ইন্ধনেৰে ! ক’ত, কেতিয়া?

দেশৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰুতি ছুজুকি মটৰ কৰ্প’ৰেশ্যনে ২০৩০ চনলৈকে শেহতীয়াকৈ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লৈছে৷ বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে আগন্তুক সময়ত...