Home Daily news অসমত এটা সেউজীয়া ভাণ্ডাৰ নিৰ্মাণ কৰা হ’ব : মুখ্যমন্ত্ৰী

অসমত এটা সেউজীয়া ভাণ্ডাৰ নিৰ্মাণ কৰা হ’ব : মুখ্যমন্ত্ৰী

‘অসমখনত এটা সেউজীয়া ভাণ্ডাৰ নিৰ্মাণ কৰা হ’ব৷ এই বছৰত ৰাজ্য চৰকাৰে ৩ হাজাৰ মেগাৱাটতকৈও অধিক বিদ্যুৎ শক্তি সূৰ্যৰ পোহৰৰ পৰা আহৰণ কৰাৰ পৰিকল্পনা লৈছে৷ সৌৰশক্তিৰ জৰিয়তে বিদ্যুৎ উৎপাদনৰ লগতে ৰাইজেও লাহে লাহে নিজৰ যান-বাহনসমূহ বিদ্যুতৰ জৰিয়তে পৰিৱৰ্তন কৰাব লাগিব’৷– এই ভাষ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷  
মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ  ভালুকঘাটা এক নং মাকেলিত উপস্থিত হৈ ড॰ হিমন্ত বিশ্ব শৰ্মাই ২৫ মেগাৱাট  ক্ষমতাসম্পন্ন এটা সৌৰশক্তি প্ৰকল্পৰ শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে এই প্ৰকল্পৰ জৰিয়তে ৬৫ হাজাৰ গ্ৰাহকক সামৰি লোৱা হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে জলবায়ু পৰিৱৰ্তন আজি এক বিশ্বজনীন সমস্যা হিচাপে চিহ্নিত হৈছে৷ গেছ, কয়লা ইত্যাদি উৎসৰ পৰা শক্তি উৎপাদন, পেট্ৰল, ডিজেল চালিত যান-বাহনৰ ফলত কাৰ্বন নিৰ্গমন বৃদ্ধি পাইছে৷ 
আনহাতে গছ-গছনি ধ্বংসৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িছে৷ ইয়ে সূৰ্য আৰু পৃথিৱীৰ মাজত থকা আৱৰণ ধ্বংস কৰিছে৷ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে মানুহে এখন বিশ্বযুদ্ধ ঘোষণা কৰিব লাগিব বুলি মন্তব্য কৰি লগতে কয়৷ 
২০৩৫ চনৰ ভিতৰত ভাৰতে ৫০ শতাংশ কাৰ্বন নিৰ্গমন ৰোধ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে আৰু কয় যে অপৰম্পৰাগত শক্তিৰ পৰা বিদ্যুৎ আহৰণৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে৷ সৌৰশক্তি প্ৰকল্প স্থাপনৰ জৰিয়তে বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমগুৰিত ৭০ মেগাৱাট, ওদালগুৰিত ২৫ মেগাৱাট আৰু বকোত ২৫ মেগাৱাট সৌৰচালিত বিদ্যুৎ উৎপাদন প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে৷  
শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাই আদৰণী ভাষণ  প্ৰদান কৰা এই অনুষ্ঠানত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়কসকল ক্ৰমে নন্দিতা দাস, হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্ৰিয়া, ৰেকিবুদ্দিন আহমেদ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, শক্তি বিভাগৰ শীৰ্ষ বিষয়া আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...