আৰক্ষীৰ মুখ্য কাৰ্যালয়ত গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা বৈঠকত মিলিত হয়৷ বৈঠকত গুৱাহাটীত অপৰাধ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা কেইবাটাও সিদ্ধান্তৰ কথা সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সদৰী কৰে৷ তেওঁ কয় যে এতিয়াৰ পৰা ফ্লেট বনালে চি চি টিভি কেমেৰা সংস্থাপন কৰাটো বাধ্যতমূলক হ’ব৷ ৫জনৰ অধিক কৰ্মচাৰী থকা চৰকাৰী বা বেচৰকাৰী ব্যাৱসায়িক প্ৰতিষ্ঠান আৰু কাৰ্যালয়ত চি চি টিভি কেমেৰা সংস্থাপন কৰাটো বাধ্যতামূলক হ’ব৷ কেৱল সেয়াই নহয়, পিতৃ- মাতৃক ইয়াত থৈ বিদেশত কোনো সন্তান থাকিলে তেওঁ নিজৰ ঘৰত আৰু ঘৰুৱা পৰিচাৰিকাৰ হাতত সন্তান এৰি যোৱা চৰকাৰী কৰ্মচাৰীয়েও নিজৰ ঘৰ বা ফ্লেটত কেমেৰা লগাব লাগিব৷ ড॰ শৰ্মাই আৰু কয় যে এই কেমেৰাসমূহত ৩০ দিনৰ ফুটেজ ষ্ট’ৰেজ হৈ থাকিব লাগিব৷ কেমেৰাসমূহ অসম আৰক্ষীৰ প’ৰ্টেলত পঞ্জীয়নভুক্ত হ’ব লাগিব৷ মুখ্যমন্ত্ৰীয়ে অৱশ্যে কয় যে চি চি টিভি কেমেৰা সংস্থাপন কৰাসকলৰ ব্যক্তিগত কথা থাকিব, সেয়েহে কোনো ঘটনা নহ’লে আৰক্ষীয়ে ইচ্ছা কৰিলে চাব নোৱাৰিব৷ এই বিষয়ত বিধানসভাত এখন বিধেয়ক উত্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে পূজাৰ আগতে চৰকাৰে দুই হাজাৰ চি চি টিভি কেমেৰা সংস্থাপন কৰিব৷ সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে চি চি টিভি কেমেৰা বন্দুক বা পিষ্টল নহয় যে এইবোৰ সংস্থাপন কৰিলে অপৰাধ কেতিয়াও সংঘটিত নহ’ব৷ অপৰাধীক চিনাক্ত কৰাতহে চি চি টিভি কেমেৰাসমূহ সহায়ক হ’ব৷ তেওঁ আৰু কয় যে হেলমেট পিন্ধিলেও মুখখন ধৰা পেলাবলৈ ফ্ৰেছ ৰিডিং ছফটৱেৰ আছে৷ আগতে এই ছফ্টৱেৰ ব্যৱহাৰ কৰা হোৱা নাছিল, এতিয়া ব্যৱহাৰ কৰা হ’ব৷ অপৰাধ নিয়ন্ত্ৰণৰ বাবে ব্যক্তিগত লোকক জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি দিবনে বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে মানুহক যদি বুজাই দিয়া হয়, তেন্তে তিনিটা দিনৰ ভিতৰত নিজে নিজে চি চি টিভি কেমেৰা সংস্থাপন কৰিব৷
অপৰাধীক চিনাক্ত কৰিবলৈ চৰকাৰেব্যৱহাৰ কৰিব ফ্ৰেছ ৰিডিং ছফ্টৱেৰ
By Health Plus
40
Previous articleমঙলত ময়ূৰপক্ষী ৰত্নৰ ভাণ্ডাৰ ! জনালে নাছাই
Next articleদুষ্প্ৰাপ্য কমলা ৰঙৰ বাদুলি উদ্ধাৰ : ক’ত?
RELATED ARTICLES
পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ!জানক ইয়াৰ আঁৰৰ কথা
Health Plus - 0
ধূমপানৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ তালিকাখন আমাৰ সকলোৰে জ্ঞাত৷ সেয়ে সময়সাপেক্ষে কিছুমান এলেকা বা অঞ্চল ধূমপানৰ পৰা সুৰক্ষিত হ’বলৈ নিষিদ্ধ কৰা হয়৷...
চলিত সপ্তাহত পৃথিৱীৰ একেবাৰেকাষেৰে পাৰ হ’ব এটা গ্ৰহাণু
Health Plus - 0
ন্ডপৃথিৱীৰ কাষেৰে গ্ৰহাণু বা গ্ৰহাণুপুঞ্জ পাৰ হোৱাৰ ঘটনাটো নতুন নহয় যদিও পৃথিৱীৰ একেবাৰে কাষেৰে গ্ৰহাণু পাৰ হোৱাৰ ঘটনা এইবাৰ সংঘটিত হ’ব৷ চলিত...
বাহন চলিব গোবৰ গেছৰ ইন্ধনেৰে ! ক’ত, কেতিয়া?
Health Plus - 0
দেশৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰুতি ছুজুকি মটৰ কৰ্প’ৰেশ্যনে ২০৩০ চনলৈকে শেহতীয়াকৈ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লৈছে৷ বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে আগন্তুক সময়ত...
Most Popular
পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ!জানক ইয়াৰ আঁৰৰ কথা
ধূমপানৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ তালিকাখন আমাৰ সকলোৰে জ্ঞাত৷ সেয়ে সময়সাপেক্ষে কিছুমান এলেকা বা অঞ্চল ধূমপানৰ পৰা সুৰক্ষিত হ’বলৈ নিষিদ্ধ কৰা হয়৷...
শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব
আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...