দুষ্প্ৰাপ্য কমলা ৰঙৰ বাদুলি উদ্ধাৰ : ক’ত?

0
182


আমাৰ চাৰিওফালে বিভিন্ন প্ৰজাতিৰ বাদুলি দেখিবলৈ পাওঁ যদিও সকলোবোৰ বাদুলিৰে বৰণ একে৷ অৰ্থাৎ মটিয়া বৰণৰ বাদুলিহে সাধাৰণতে দেখা যায়৷ অন্য ৰঙৰ বাদুলিও যে এই পৃথিৱীত আছে৷ সেয়া হয়তো একো অসম্ভৱ নহয়৷ শেহতীয়াভাৱে ছট্টিশগড়ৰ কাংগাৰ ভেলী ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে কমলা ৰঙৰ এবিধ বিশেষ প্ৰজাতিৰ বাদুলি৷ দুষ্প্ৰাপ্য এই ৰঙৰ বাদুলিবিধ উদ্ধাৰ হোৱাৰ লগে লগে প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে৷ সাধাৰণতে এই প্ৰজাতিৰ বাদুলিবিধক পেইণ্টেড বেট বুলি জনা যায়৷ এই কমলা ৰঙৰ বিশেষ বাদুলিবিধ ঘন অৰণ্যত বিগত তিনি বছৰত মাত্ৰ তিনিবাৰহে দেখিবলৈ পোৱা গৈছে৷ জানিব পৰা মতে এই দুষ্প্ৰাপ্য প্ৰাণীবিধ বৰ্তমান অস্তিত্বৰ সংকটত পৰা বুলি কোৱা হৈছে৷ কমলা বৰণৰ এই বাদুলিবিধৰ বৈজ্ঞানিক নাম হৈছে কেৰিভূলা পিক্‌টা৷ সাধাৰণতে ম্যানমাৰ, কম্বোডিয়া, ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, নেপাল, ভিয়েটনাম আদি ঠাইত এই বাদুলিবিধ দেখা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here