Home Diet Plus অনিদ্ৰাত ভুগিছে নেকি? ততালিকে লওক এই ব্যৱস্থা

অনিদ্ৰাত ভুগিছে নেকি? ততালিকে লওক এই ব্যৱস্থা

টোপনি শৰীৰৰ বাবে খুব দৰকাৰী৷ টোপনি ভাল নহ’লে শৰীৰৰ ইয়াৰ যথেষ্ট প্ৰভাৱ পৰে৷ ৰাতি টোপনি ভাল নোহোৱাৰ ফলত দিনটো কাম মন নবহে, শৰীৰ দুৰ্বল অনুভৱ হয়, খিংখিঙীয়া স্বভাৱৰ হয়, শৰীৰৰ ওজন বাঢ়ে, শাৰীৰিকভাৱে অনিষ্ট হয়৷ হাৰ্ট সুস্থ ৰখাৰ বাবে পৰ্যাপ্ত মাত্ৰাত টোপনি মৰাটো অতি আৱশ্যক৷ মুঠতে অনিদ্ৰাৰ অৱহেলা কৰা উচিত নহয়৷ সেয়েহে অনিদ্ৰাই দেখা দিলে কিদৰে ইয়াক সমাধান কৰিব জানো আহক৷ টোপনি আহিবলৈ বাদাম অব্যৰ্থ দৰবৰ কাম কৰে৷ গাখীৰত থকাৰ দৰে বাদামতো ট্ৰিপটোফেন পোৱা যায়, যিয়ে মস্তিষ্ক তথা স্নায়ুক শান্ত কৰি ৰাখিব পাৰে৷ ইয়াৰ উপৰি বাদামত মেগনেচিয়াম থাকে, যিয়ে হাৰ্টক স্থিতিশীল কৰি ৰখাত সহায় কৰে৷
অনিদ্ৰাই দেখা দিলে ডাৰ্ক চকলেট খাব পাৰে৷ ডাৰ্ক চকলেটত ছেৰোটনিন থাকে, যিয়ে মন আৰু স্নায়ুৰ শান্ত, সুস্থিৰ কৰি ৰাখে৷ ভাল টোপনি অহাৰ ডাৰ্ক চকলেটে সহায় কৰে৷
কলত পেশী শিথিলকাৰী মেগনেচিয়াম, পটাচিয়াম থাকে৷ কলত থকা ভাল কাৰ্বহাইড্ৰেটে স্বাভাৱিকভাৱে টোপনিত সহায় কৰে৷ সেয়েহে ৰাতি শোৱাৰ আগতে একোটাকৈ কল খোৱাটো ভাল৷
শোৱাৰ আগতে একাপ গৰম গাখীৰ সেৱন কৰিলে ভাল টোপনি আহে৷ গাখীৰত ট্ৰিপটোফেন থাকে৷ য’ত এমিন’ এচিড ছেৰোটনিনলৈ ৰূপান্তৰিত হয়৷ ছেৰোটনিনে মস্তিষ্ক শান্ত কৰি ৰখাত সহায় কৰে৷ ফলস্বৰূপে নিশ্চিন্তমনে টোপনি অহাত অহিৰণা যোগায়৷ গাখীৰৰ সৈতে কিচমিচ, বাদাম, জায়ফল আদিও মিহলি কৰি খাব পাৰে৷
চেৰীক মেলাটনিন পোৱা যায়, চেৰী মানসিক অৱসাদ তথা মানসিক চাপ কমোৱাত খুব উপকাৰী৷ চেৰীয়ে অনিদ্ৰাত লহায় কৰা হৰমন চক্ৰক নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷
ইয়াৰ বাহিৰেও বিছনালৈ যোৱাৰ সময়ত মোবাইল, লেপটপ আদিৰ পৰা দূৰত থাকক৷ টোপনি মৰাৰ আগতে কেতিয়াও মোবাইল, লেপটপ চাপ নালাগে৷ এইবোৰ শোৱাৰ সময়ত চোৱাৰ ফলত বহু সময় ধৰি মগজু সক্ৰিয় হৈ থাকে৷ ফলত টোপনিত ব্যাঘাত জন্মিব পাৰে৷
সদায় নিৰ্দিষ্ট এটা সময়ত ৰুটিন মতে বিছনালৈ যোৱাৰ অভ্যাস কৰক৷ প্ৰতিদিনে টোপনি মৰাৰ আৰু বিছনাৰ পৰা উঠাৰ এটা নিৰ্দিষ্ট সময় বান্ধি ল’লে অনিদ্ৰাত ভোগা সমস্যা সমাধান হোৱাৰ লগতে বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...