অনন্য গাঁও : বৃদ্ধ লোকসকলক সংগ দিয়াৰ এক অভিনৱ প্ৰয়াস

0
272


ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে একক পৰিয়ালৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ ফলত মানুহ এতিয়া অকলশৰীয়া হ’বলৈ ধৰিছে৷ বিশেষকৈ বৃদ্ধ বয়সত এতিয়া মানুহ অধিক নিঃসংগ হৈ পৰিবলৈ ধৰিছে৷ এনে পৰিস্থিতিত বৃদ্ধ লোকসকলক সংগ দিয়াৰ এক অভিনৱ প্ৰয়াস কৰিছে এখন গাঁৱে৷ এই গাঁওখনৰ প্ৰতিজন সদস্যই এটা পৰিয়ালৰ দৰে বাস কৰে, একেলগে খাদ্য গ্ৰহণ কৰে, খেলা-ধূলা কৰে, একেলগে কথা-বতৰা পাতি হাঁহি-ধেমালি কৰে আৰু আনকি কাৰোবাৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হ’লে সকলোৱে মিলি ইয়াৰ সমাধানৰ পথ উলিয়ায়৷ ইয়াত কোনেও অকলশৰীয়া বোধ নকৰে আৰু বৃদ্ধ লোকসকলে ৰং ৰহইচৰ মাজেৰে দিন পাৰ কৰিছে৷ এই গাঁওখন আছে ব্ৰিটেইনত৷ ব্ৰিটেইনৰ একমাত্ৰ ক’-কমিউনিটি গাঁও কেনকত বৃদ্ধসকলে মিলি এনেদৰে বাস কৰে৷ স্থপতিবিদ এনী থৰ্নে নিজৰ বন্ধুবৰ্গৰ সৈতে মিলি প্ৰায় ২.৫ একৰ ভূমিত এই গাঁওখনৰ ডিজাইন কৰে৷ এনী থৰ্ন লণ্ডনৰ জীৱন শৈলীক লৈ অতিষ্ঠ হৈ পৰিছিল৷ তেওঁ অৱসৰৰ পাছত সুখ-শান্তিৰে থাকিবলৈ বিচাৰিছিল৷ তেওঁ এনেকুৱা স্থানত বাস কৰিবলৈ বিচাৰিছিল য’ত সকলোনে মিলি সুখ আৰু শান্তিৰে বাস কৰিব পাৰে৷ ২০০৬ চনত এদিন তেওঁ নিজৰ বন্ধুসকলৰ সৈতে বহি কথা পাতি আছিল৷ তেতিয়াই তেওঁলোকৰ মনত এটা ধাৰণা খেলালে৷ তেওঁলোকে কথা-পাতিলে যে সকলো বৃদ্ধ-শিশু, মহিলাসকলো মিলি বাস কৰিব পৰা যায়, য’ত কোনেও নিজকে অকলশৰীয়া অনুভৱ নকৰে৷ দ্য গাৰ্ডিয়ানে প্ৰকাশ কৰা অনুসৰি থৰ্নক এই গাঁওখন স্থাপন কৰিবলৈ প্ৰায় ১৩ বছৰ লাগে৷ ২০১৯ চনত তেওঁৰ সকলো বন্ধুৱে অৱসৰ গ্ৰহণ কৰে আৰু তাৰ পাছত তেওঁলোকে নিজৰ পৰিয়ালৰ সৈতে নিজৰ নিজৰ ঘৰত থাকিবলৈ লয়৷ তেতিয়া থৰ্নে অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে৷ তেওঁ অৱসৰ গ্ৰহণ কৰা বন্ধুসকলক একলগ কৰে আৰু সকলোৱে মিলি ১.২ নিযুত ডলাৰত এই মাটিখিনি ক্ৰয় কৰে৷ প্ৰথম অৱস্থাত ইয়াত বাস কৰিছিল মাত্ৰ ৮টা পৰিয়ালে৷ এই পৰিয়ালকেইটাই পেনছনৰ সকলো ধন ইয়াত ব্যয় কৰিছিল৷ এতিয়া ই এখন পূৰ্ণাংগ গাঁৱৰ ৰূপ ল’লে৷ এতিয়া ইয়াত বৃহৎ সংখ্যক লোকে নিজৰ পৰিয়ালৰ সৈতে বাস কৰে৷ ইয়াত বাস কৰা সকলোৱে মিলি খাদ্য প্ৰস্তুত কৰে৷ পৰস্পৰক নতুন নতুন কথা শিকায়৷ গাঁওখনত সপ্তাহত চাৰি দিন ভোজৰ আয়োজন কৰা হয় আৰু ইয়াত সকলো লোকে অংশ গ্ৰহণ কৰে, গান গায়, নৃত্য কৰে৷ গাঁওখনৰ লোকসকলে মৌ পালন কৰে, মাটিৰ বাচন-বৰ্তন তৈয়াৰ কৰাৰ দৰে কামো কৰে৷ কিন্তু প্ৰতিদিনে নতুন কিবা এটা কৰাৰ চেষ্টা কৰে৷ ইয়াত বাস কৰা প্ৰতি ঘৰেই আত্ম নিৰ্ভৰ৷ তথাপিও পৰস্পৰে পৰস্পৰক লগত হাত মিলাই চলে, সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here