দুশ্চিন্তা দূৰ কৰাৰযাদুকৰী উপায়

0
130

মনলৈ দুশ্চিন্তা আহিবলৈ সময়ত প্ৰয়োজন নহয়৷ ইয়াৰ গতি ইমান দ্ৰুত যে মনলৈ অহা এনেধৰণৰ চিন্তা ভৰ সহিবলৈ কঠিন হৈ পৰে৷ আনকি দুশ্চিন্তাৰে মন ভৰিবলৈ বেলেগ সময়ৰো প্ৰায়োজন নাই৷ কমাৰ্ব্যস্ততাৰ মাজতো এনে চিন্তা-ভাবনাই মনত ক্ৰিয়া কৰি থাকি মনটো ভাৰাক্ৰান্ত কৰিব পাৰে৷ যিকোনো বিষয়ক লৈ এবাৰ দুশ্চিন্তাই মনত বাস ল’লে ইয়াৰ দূৰ কৰাৰ কঠিন হৈ পৰে৷ ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ মানুহজনৰ জীৱন ধাৰণতো পৰে৷ ফলত কোনো কামতে মনপুতি কৰিব নোৱাৰে, মনলৈ অলসতা আহে, কাৰো লগত কথা নাপাতি অকলশৰীয়া জীৱন পচন্দ কৰে, কোনো কামতে মন বহুৱাব নোৱাৰে, জীৱনৰ প্ৰতি বিতৃষ্ণাৰ ভাব জাগে৷ মনত ৰখা ভাল যে দুশ্চিন্তাই জীৱনত কোনো সফলতা নানে৷ সেয়ে ইয়াৰ পৰা মুক্তিৰ হতে আপ্ৰাণ চেষ্টা চলাব লাগে৷ সেয়ে জানো আহক দুশ্চিন্তা দূৰ কৰাৰ কেইটামান যাদুকৰী তথা অন্যতম উপায়৷
আপু্‌নি হয়তো দিনটো যথেষ্ট কৰ্মব্যস্ততাত থাকে৷ তাৰ মাজতে সময় উলিয়াই কিছক্ষণ ব্যায়াম কৰক৷ অন্ততঃ কেইমিনিটমানৰ বাবে হ’লেও৷ চকু বন্ধ ৰাখি এই সময়খিনিত গভীৰভাৱে শ্বাস-প্ৰশ্বাস লওক৷ সেই সময়খিনি একান্তই এই কথাবোৰ মনত জুকিৱাওক৷ যি বিষয়ক লৈ আপুনি দুশ্চিন্তাত ভুগিছিল সেয়া দীৰ্ঘস্থায়ী নহয়৷ মনত ৰাখিব পৃথিৱীৰ কোনো সুখ অথবা দুখ দীৰ্ঘস্থায়ী নহয়৷ সময়ত লগে লগে সকলো সলনি হয়৷ নিজকে নিজে এই কথাবোৰ ভাবক৷ দেখিব দুশ্চিন্তাবোৰ ক্ৰমশঃ নোহোৱা হ’বলৈ ধৰিছে৷
দুশ্চিন্তা যদিও আমাৰ মানসিক স্বাস্থ্যৰ বিষয়, তথাপি কিন্তু ইয়াৰ প্ৰভাৱ পৰে আমাৰ খাদ্য তালিকায়ো৷ আমি খোৱা খাদ্যই কেৱল শৰীৰৰে নহয় মনতো প্ৰভাৱ পেলায়৷ শৰীৰৰ বাবে প্ৰয়োজনীয় তথা পুষ্টিকৰ খাদ্য খোৱাটো হ’ব পাৰে সঠিক উপায়৷ স্বাস্থ্যকৰ খাদ্যই আপোনাৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা মুক্তি দিয়াব পাৰে৷ ভজা-পোৰা, ফাষ্টফুড, প্ৰছেছড খাদ্য আদি খাদ্য তালিকাৰ পৰা বাদ দি ঘৰুৱাভাৱে পোৱা সতেজ খাদ্য গ্ৰহণ কৰিলে শৰীৰৰ লগতে মনটোও স্বাস্থ্যও উন্নত হয়৷
শাৰীৰিক আৰু মানসিক বিভিন্ন সমস্যা নিৰাময় কৰিবলৈ হ’লে আপুনি নিয়মিতভাৱে শৰীৰচৰ্চা কৰাটো অত্যন্ত জৰুৰী৷ বিশেষজ্ঞই কোৱা মতে প্ৰতিদিনে শৰীৰচৰ্চা কৰাৰ ফলত ডোপামিন হৰমন ক্ষৰণ হয়, যিয়ে মন ভালে ৰখাত সহায় কৰে৷ সেয়ে দুশ্চিন্তাৰ পৰা মুক্ত থাকিবলৈ নিয়মিতৰূপে শৰীৰচৰ্চা কৰক৷
খনিজ লৱণ আমাৰ শৰীৰৰ কাৰণে খুব উপকাৰী৷ খনিজ লৱণে আমাৰ শৰীৰৰ এড্ৰিনাল গ্ৰন্থিবোৰক ত্বৰান্বিত কৰাত সহায় কৰে৷ যিয়ে মন প্ৰফুল্লিত তথা আনন্দিত কৰি ৰখাত সহায় কৰে৷ সেয়ে আপোনাৰ খাদ্য তালিকাত মাজে মাজে খনিজ লৱণ যোগ কৰিব পাৰে৷ অৱশ্যে পৰিমিত পৰিমাণেহে খোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here