Zydus Cadila-ৰ ভেক্‌চিন : জটিল ৰোগত আক্ৰান্ত ১২ বছৰ ঊধৰ্বৰ শিশুক প্ৰথমে দিয়া হ’ব

0
479
Zydus Cadila-ই প্ৰস্তুত কৰা কৰ’না ভাইৰাছৰ তিনিটা ড’জৰ ভেক্‌চিনৰ জৰুৰী ব্যৱহাৰৰ অনুমতি দিয়া হৈছে৷ এই ভেক্‌চিন ১২ বছৰ ঊধৰ্বৰ শিশুকো দিব পৰা যাব৷ উল্লেখ্য যে ভাৰতত উৎপাদন কৰা এই ভেক্‌চিন সেৱন কৰিবলৈ দিয়া হ’ব আৰু ভাৰতত এনে ধৰণৰ এইটো প্ৰথম ভেক্‌চিন৷ ইয়াৰ লগতে দেশত ১২-১৮ বছৰৰ শিশুক দিব পৰা এইটো প্ৰথম ভেক্‌চিন৷ টিকাকৰণৰ বিষয়ক ৰাষ্ট্ৰীয় পৰামৰ্শদাতা গোট NTAGI-ৰ মুৰব্বী এন কে অৰোৰাই জনোৱা মতে, Zydus Cadila-ৰ ভেক্‌চিন ১২ বছৰ ঊধৰ্বৰ গুৰুতৰ ৰোগত আক্ৰান্ত শিশুক প্ৰথমে  দিয়া হ’ব৷ তেওঁ কয় যে আমি প্ৰাপ্তবয়স্ক লোকৰো টিকাকৰণত গুৰুত্ব আৰোপ কৰিছোঁ৷ কিন্তু Zydus Cadila-ৰ ভেক্‌চিন জটিল ৰোগত আক্ৰান্ত হৈ থকা শিশুক প্ৰথমে দিয়া হ’ব৷ এটা টেলিভিছন চেনেলক দিয়া সাক্ষাৎকাৰত অৰোৰাই এই কথা প্ৰকাশ কৰে৷ তেওঁ লগতে প্ৰকাশ কৰে যে অচিৰেই ভাৰত বায়’টেকৰ শিশুৰ ভেক্‌চিনৰ অনুমোদন জনোৱাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here