ZyCoV-D : বিশ্বৰ প্ৰথমটো DNA ভেক্‌চিন

0
1431
আহমেদাবাদত মুখ্য কাৰ্যালয় থকা প্ৰখ্যাত ফাৰ্মাচিউটিকেল কোম্পানী জাইডাছ কেডিলাই 
ZyCoV-D নামৰ কভিড-১৯ৰ ভেক্‌চিনৰ সীমিত জৰুৰী ব্যৱহাৰৰ অনুমতি বিচাৰি ভাৰতৰ ঔষধ নিয়ন্ত্ৰকৰ ওচৰত আৱেদন জনাইছে৷ যদি অনুমতি পায়, তেন্তে এইটোৱেই হ’ব বিশ্বৰ প্ৰথমটো DNA ভেক্‌চিন৷ এই ভেক্‌চিনৰ তিনিটা ড’জ ল’ব লাগে৷ প্ৰথম ড’জটোৰ পাছত দ্বিতীয় ড’জ ২৮ দিনত আৰু তৃতীয় ড’জ ৫৬ দিনত দিব লাগে৷ ZyCoV-D ভেক্‌চিন দীৰ্ঘদিনীয়া সময়ৰ বাবে ২ৰ পৰা ৮ ডিগ্ৰী চেলচিয়াছত সংৰক্ষণ কৰি ৰাখিব পাৰি৷ কোম্পানীটোৱে কয় যে জাইকভ-ডিৰ ১০ কোটিৰ পৰা ১২ কোটি ড’জ উৎপাদন কৰিব পাৰিব বুলি আশা কৰিছে৷ এইখিনি 8 কোটিপৰ্যন্ত লোকক তিনিটাকৈ ড’জ দিবৰ বাবে যথেষ্ট হ’ব৷ মানৱ দেহত পৰীক্ষাৰ শেহতীয়া পৰ্যায়ত থকা এই ভেক্‌চিনটোৰ কাৰ্যকাৰিতা এইপৰ্যন্ত ৬৬.৬ শতাংশ বুলি প্ৰমাণ পোৱা গৈছে৷ কোম্পানীটোৱে প্ৰকাশ কৰা মতে কভেক্সিনৰ পাছতে জাইকভ-ডি হৈছে দ্বিতীয়টো দেশীয় ভেক্‌চিন আৰু কৰ’না ভাইৰাছৰ বিশ্বৰ প্ৰথম DNA ভেক্‌চিন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here