UNESCO-ৰ ঐতিহ্যৰ তালিকাত হাইটিৰ চুৰুহা

0
686

ৰাষ্ট্ৰসংঘৰ সাংস্কৃতিক এজেঞ্চি UNESCO-ই দাসত্বৰ পৰা স্বাধীনতা লাভৰ হাইটিৰ ৰাষ্ট্ৰীয় প্ৰতীক জুমু চুৰুহাক [Joumou soup] UNESCO-ৰ বিমূৰ্ত ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰিছে৷ UNESCO-ই কয় যে এই চুৰুহা ‘কেৱল এটা ব্যঞ্জন নহয়, তাতকৈ বহুত বেছি৷’ UNESCO-ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্য অৰ্থাৎ ইনটেনজিবল কালচাৰেল হেৰিটেজ সমিতিয়ে জুমুক এজেঞ্চিটোৰ মানৱ জাতিৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ (Intangible Cultural Heritage of Humanity) তালিকাত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ জিউমুন ৰূপেও জনাজাত এই চুৰুহা ৰঙালাও, পাচলি, কল, মাংস, পাষ্টা আৰু মচলাৰে প্ৰস্তুত কৰা হয়৷ পূবৰ্তে এই ব্যঞ্জন সম্পূৰ্ণভাৱে দাসৰ মালিকসকলৰ বাবে সংৰক্ষিত আছিল; এই ব্যঞ্জন প্ৰস্তুত কৰা হাইটিৰ লোকসকলক এই চুৰুহা খাবলৈ দিয়া হোৱা নাছিল৷ ১৮০৪ চনত হাইটিয়ে ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰাৰ পাছত জুমু চুৰুহাৰ মালিকীস্বত্ব অৰ্জন কৰে৷ তেওঁলোকে ইয়াক তেওঁলোকৰ স্বাধীনতা আৰু তেওঁলোকৰ মৰ্যাদা পুনৰ ঘূৰাই পোৱাৰ প্ৰতীক কৰি তুলিলে৷ UNESCO-ৰ সঞ্চালক প্ৰধান অড্ৰী এজ’লেই সেয়ে কয় যে এই চুৰুহা ‘কেৱল এটা ব্যঞ্জন নহয়, তাতকৈ বহুত বেছি৷’ জুমু চুৰুহাই হাইটিসকলৰ স্বাধীনতাৰ বীৰ-বীৰাংগনাৰ কাহিনী, মানৱ অধিকাৰৰ বাবে তেওঁলোকৰ সংগ্ৰাম আৰু কঠিন যুঁজেৰে লাভ কৰা তেওঁলোকৰ মুক্তিৰ কথা কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here