Oil Pulling কি? ইয়াৰ পৰা কেনেধৰণৰ লাভ হয়

0
610
Oil Pulling-ক সাধাৰণ শব্দত তেলেৰে মুখ কুলকুল কৰা বুজায়৷ আমি যিদৰে মাউথৱাছ ব্যৱহাৰ কৰোঁ বা পানীৰে মুখ কুলকুৱাওঁ, ঠিক তেনেকৈ তেলেৰে মুখ কুলকুলোৱা পদ্ধতিক Oil pulling বুলি কোৱা হয়৷ মুখৰ ভিতৰৰ স্বাস্থ্য ধৰি ৰখাৰ ই এক প্ৰাচীন আয়ুৰ্বেদিক চিকিৎসা৷ এতিয়া জানো আহক Oil pulling কৰিলে কেনেধৰণৰ লাভ পাব পাৰি৷

(১) আমাৰ জিভাত বিভিন্ন ধৰণৰ বেক্টেৰিয়াই বাস কৰে৷ যাৰ ফলত মুখৰ দুৰ্গন্ধ ওলায়৷ Oil pulling-এ এই বেক্টেৰিয়া ধবংস কৰি মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে৷


(২) দাঁতৰ বিষ, সিৰসিৰণি আদি নিৰ্মূল কৰে Oil pulling-এ৷


(৩) দাঁতৰ আলু উখহি উঠা, দাঁতৰ পৰা তেজ ওলোৱা আদি সমস্যা নিৰ্মূলকৰণৰ বাবে নাৰিকল তেলেৰে মুখ কুলকুলিয়াব লাগে৷

What They DON'T Tell You About Oil Pulling!!!! (My Experience, How to, Benefits & Negatives) - YouTube


(8) দাঁত পোকে খোৱা, এনামেল ক্ষয় যোৱা আদি সমস্যাৰ পৰা পৰিত্ৰাণ দিয়ে Oil pulling-এ৷


(৫) লগতে দাঁত বগা আৰু উজ্জ্বল কৰা তথা মুখৰ ভিতৰখন ডিটক্সিফাই কৰাত Oil pulling বিশেষভাৱে কাৰ্যকৰী৷

কেনেকৈ কৰিব Oil pulling :–
Oil pulling কৰিবলৈ একেবাৰে সহজ৷ ৰাতিপুৱা ব্ৰাছ কৰি উঠাৰ পাছত ডাঙৰ চামুচেৰে এচামুচ নাৰিকল তেল মুখত লৈ ১৫ মিনিটমান কুলকুল কৰক৷ যেতিয়া তেলখিনি পাতল আৰু বগা হৈ যাব, তেতিয়া তেলখিনি পেলাই মুখখন পানীৰে ধুই আকৌ ব্ৰাছ কৰি দিয়ক৷ এই ক্ষেত্ৰত আপুনি নাৰিকল তেলৰ পৰিৱৰ্তে তিলৰ তেল নাইবা ছানফ্লাৱাৰ অইলো ব্যৱহাৰ কৰিব পাৰে৷ এনেদৰে Oil pulling কৰি আপোনাৰ মুখৰ ভিতৰৰ স্বাস্থ্য ধৰি ৰখাত অৰিহণা যোগাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here