IHA-ৰ তথ্য: হৃদৰোগত বছৰি দেশত কিমান লোকৰ মৃত্যু হয় ? How many people die due to heart ailments in India every year?

0
460
বিশ্বৰ প্ৰতি এক লাখ লোকৰ ভিতৰত ২৩৫জনৰে মৃত্যু হয় হৃদৰোগত৷ আনহাতে ভাৰতত প্ৰতি লাখত মৃত্যু হয় ২৭২জনৰ৷ ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশত হৃদৰোগৰ প্ৰাদুৰ্ভাৱ কল্পনাতীতভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ মূল কাৰণ জনসজাগতাৰ অভাৱ৷ এজন সজাগ ব্যক্তিয়ে অন্ততঃ ৪০ শতাংশ হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে৷ বিশ্ব হৃদ দিৱসৰ সৈতে সংগতি ৰাখি মহানগৰীৰ খানাপাৰাস্থিত হেল্‌থ চিটি হস্পিটেলত অনুষ্ঠিত এখন সজাগতা সভাত এই মন্তব্য কৰে হস্পিটেলখনৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ শশাংক বৰুৱাই৷ Indian Heart Association-ৰ তথ্যৰ উদ্ধৃতি দি তেওঁ প্ৰকাশ কৰা চাঞ্চল্যকৰ তথ্য অনুসৰি ভাৰতত বছৰি হাৰ্ট এটেকত মৃত্যু হয় ১৭ লাখ লোকৰ৷ মৃত্যুৰ এই ধাৰা অব্যাহত থাকিলে ২০৩০ চনত মৃত্যুৰ সংখ্যা হ’বগৈ ২.৩০ কোটি৷ ডাঃ বৰুৱাই হৃদৰোগ প্ৰতিৰোধৰ বাবে সতেজ ফল-মূল, শাক-পাচলি গ্ৰহণ কৰিবলৈ, অশুদ্ধ জীৱন শৈলীৰ পৰিৱৰ্তন আৰু ধঁপাতজাতীয় সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনায়৷ তদুপৰি ৪০ বছৰ অতিক্ৰম কৰা প্ৰতিজন ব্যক্তিয়েই বছৰি এবাৰকৈ হৃদযন্ত্ৰৰ পৰীক্ষা কৰা উচিত বুলি তেওঁ মন্তব্য কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here