ICMR-ৰ তথ্য : উত্তৰ-পূবত বৃদ্ধি পাইছে কৰ্কট ৰোগী (ICMR report: Number of cancer patients in North East increasing)

0
1021
ৰাষ্ট্ৰীয় কৰ্কট ৰোগ সজাগতা দিৱসৰ দিনা ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ ICMR-এ জনায় যে উত্তৰ-পূৰ্বাঞ্চলত পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰত কৰ্কট ৰোগী বেছি৷ ICMR-এ কয় যে ২০২০ চনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কৰ্কট ৰোগীৰ সংখ্যা আছিল ১৩.৯ লাখ৷ ২০২৫ চনত এই সংখ্যা ১৫.৬ লাখলৈ বৃদ্ধি পোৱাৰ আশংকা আছে৷ ICMR-এ এখন প্ৰতিবেদনত কয় যে মহিলাতকৈ সকলো কৰ্কট ৰোগত পুৰুষ ৰোগীৰ হাৰ বেছি৷ মহিলাসকলৰ কৰ্কট ৰোগৰ ভিতৰত স্তনৰ কৰ্কট সকলো কৰ্কট ৰোগৰ আধা৷ ICMR-ৰ প্ৰতিবেদন মতে সকলো কৰ্কট ৰোগৰ ভিতৰত শৈশৱৰ কৰ্কট ৰোগ হৈছে ৭.৯ শতাংশ ৷ ICMR-এ আৰু জনায় যে ৬,১০,০৮৪ গৰাকী কৰ্কট ৰোগীৰ ৩,১৯,০৯৮ (৫২.৪ শতাংশ) জন পুৰুষ আৰু ২,৯০,৯৮৬গৰাকী (৪৭.৬ শতাংশ) মহিলা৷ ICMR-এ আৰু জনাইছে যে সকলোধৰণৰ কৰ্কট ৰোগৰ ভিতৰত ধঁপাত সেৱনকাৰী সম্পৰ্কীয় কৰ্কট ৰোগ হৈছে ২৭ শতাংশ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here