ভেলপুৰি খাই ভাল পায়নে আপুনি ? এনেকুৱা খুব কম মানুহে ওলাব যি ভেলপুৰি খাই ভাল নাপায়৷ বিশেষকৈ শীতৰ দিনত জ্বলা-মছলাযুক্ত বাদাম, গজালি ওলোৱা বুট, মুগ, আদা, নেমু আদিৰে তৈয়াৰী ভেলপুৰি খোৱাৰ আমেজেই সুকীয়া৷ পিছে যদিও ভেলপুৰিক জিভাৰ জুতিৰ বাবে খোৱা হয়, তথাপিও ই আপোনাৰ অজানিতে শৰীৰৰ যথেষ্ট সহায় কৰে৷ বিশেষকৈ ইয়াত মিশ্ৰিত বাদাম, যিয়ে ভেলপুৰিৰ সোৱাদ দুগুণ বৃদ্ধি কৰে৷
(১) প্ৰতি এশ গ্ৰাম বাদামত ২৫ গ্ৰাম প্ৰ’টিন পোৱা যায়, যিয়ে শীতৰ সময়ত আপোনাৰ শৰীৰত হ’ব পৰা প্ৰ’টিনৰ অভাৱ দূৰ কৰিব পাৰে৷
(২) নিয়মিতভাৱে অলপকৈ বাদাম খালে হৃদৰোগৰ সম্ভাৱনা কমি থাকে৷
(৩) খনিজ আৰু ভিটামিনেৰে সমৃদ্ধ এই বাদামে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে৷
(8) শীতৰ সময়ত বাহিৰৰ তেল-মছলাযুক্ত খাদ্য খোৱাতকৈ এমুঠি যদি বাদাম খায়, তেন্তে ই ওজন নিয়ন্ত্ৰণ কৰাতো বিশেষভাৱে সহায় কৰিব পাৰে৷
(৫) বিশেষজ্ঞৰ মতে খাদ্য খাই উঠাৰ পাছত যদি বাদাম খোৱা হয়, তেন্তে ই খাদ্য হজম প্ৰক্ৰিয়া সহজ কৰি তোলে৷
(৬) লগতে ভেলপুৰিত থকা গজালি ওলোৱা বুট, মুগ আদিও হাড়ৰ সমস্যা নিৰ্মূল কৰাত, দৃষ্টিশক্তি বৃদ্ধি, হৃদৰোগ নিৰ্মূল কৰাত বিশেষভাৱে কাৰ্যকৰী৷
কিন্তু মনত ৰাখিব এই ভেলপুৰি তৈয়াৰ কৰোঁতে কম মছলাযুক্ত আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া উচিত৷ অন্যথা ই আপোনাৰ শৰীৰৰ হিতে বিপৰীত কৰিব পাৰে৷