ভেক্‌চিন নোলোৱা কৰ্মচাৰীয়ে দৰমহা নাপাব || No salary to employees who do not take vaccine

0
1767

কভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত অসম চৰকাৰৰ ১০০ শতাংশ টিকাকৰণ আঁচনিৰ ক্ষেত্ৰত বাধা হৈ দেখা দিছে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু কৰিমগঞ্জ জিলা ৷ জিলা তিনিখনৰ ভিতৰত দুই পাহাৰীয়া জিলাত দুৰ্গম অঞ্চলৰ লগতে যাতায়াতৰ সমস্যা আৰু কভিড টিকাৰ ক্ষেত্ৰত বিভিন্ন উৰাবাতৰিয়ে এশ শতাংশ টিকাকৰণৰ ক্ষেত্ৰত বাধা হৈ দেখা দিছে বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷ আনহাতে মাঞ্জা প্ৰাথমিক চিকিৎসালয়ত স্বাস্থ্য কৰ্মীৰে হোৱা আলোচনাত বহু চৰকাৰী কৰ্মচাৰী তথা চৰকাৰী গাঁওবুঢ়াকো কৰ’নাৰ প্ৰতিষেধক প্ৰদানৰ বাবে স্বাস্থ্য কৰ্মীয়ে সৈমান কৰিব নোৱৰা বুলি জানিব পাৰি আশ্চৰ্য প্ৰকাশ কৰে ৷ পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীৰ বাবে দৰমহাৰ প্ৰস্তুতিৰ সময়ত DDOক প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে কৰ’নাৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ প্ৰমাণ-পত্ৰ দাখিল কৰাটো বাধ্যতামূলক কৰাৰ লগতে এনে প্ৰমাণ-পত্ৰ দাখিল কৰিব নোৱৰা কৰ্মচাৰীৰ দৰমহা বন্ধ কৰি ৰখা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে ৷ মন্ত্ৰীগৰাকীয়ে এশ শতাংশ প্ৰতিষেক প্ৰদান সম্পূৰ্ণ নোহোৱা জিলাকেইখনত বিশেষ অভিযান চলোৱাৰ কথা উল্লেখ কৰে৷ পাহাৰীয়া জিলা দুখনত এশ শতাংশ প্ৰতিষেধক প্ৰদান নিশ্চিত কৰাৰ বাবে এশটা গোটে প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰাৰ লগতে এইসকল স্বাস্থ্য কৰ্মীয়ে গাঁৱতে বাহৰ পাতি থাকি এই অভিযান সম্পূৰ্ণ কৰিব৷ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কোনো কাৰণত অমিক্ৰনৰ সংক্ৰমণ আৰম্ভ হ’লেও স্বাস্থ্য বিভাগ ইয়াৰ বাবে সম্পূৰ্ণ সাজু বুলিও দাবী কৰে৷ উল্লেখ্য যে এই জিলা তিনিখনত এশ শতাংশ টিকাকৰণ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত স্বাস্থ্য বিভাগ ক্ষান্ত নহয় বুলিও ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here