বগৰী গুল্মজাতীয় অথবা সৰু গা-গছৰ সৈতে এবিধ পৰ্ণপাতী উদ্ভিদ৷ ইয়াক ইংৰাজীত Jujube, Jujuba, Red date, Indian date, Chinese date, Korean date আদি নামেৰে জনা যায়৷ ফল উৎপাদনৰ বাহিৰেও ইয়াক ছাঁ দিয়া গছ হিচাপেও ৰোপণ কৰা হয়৷ ইয়াৰ বৈজ্ঞানিক নাম যিযিফাছ যুযুবা ( Ziziphus jujuba )৷ ইয়াৰ ডালবিলাক কাঁইটীয়া, পাতবোৰ আকাৰত সৰু৷ ফলবোৰ খাবলৈ টেঙা-মিঠা আৰু সোৱাদযুক্ত৷ ভাৰতবৰ্ষকে ধৰি এছিয়া মহাদেশৰ বহু দেশে পকা বগৰীৰ আচাৰ বনাই খায়৷ গৱেষকসকলৰ মতে বগৰীত ভিটামিন-ই থাকে আৰু এইবিধ ভিটামিনে এণ্টিঅক্সিডেণ্টৰ দৰে কাম কৰে৷ সমগ্ৰ এছিয়া মহাদেশতে শুকান বগৰী দৰব হিচাপে ব্যৱহাৰ কৰা হয়৷ শুকান বগৰীত আঁহযুক্ত পদাৰ্থ, আইৰন আৰু পটাচিয়াম থাকে৷ আঁহযুক্ত পদাৰ্থই কোষ্ঠকাঠিন্য দূৰ কৰে৷ তাৰ বাবে একাপ পানীত শুকান বগৰী গোটেই নিশা তিয়াই থৈ দিনত দুবাৰকৈ খাব লাগে৷ তেতিয়া শৌচ খোলোচা হয়৷ শুকান বগৰীয়ে মুখৰ বমি বমি ভাব নাইকিয়া কৰে৷ প্ৰস্ৰাৱ বন্ধ হ’লে বগৰীৰ সৈতে ১০-১৫টামান জিৰা পিহি খালে প্ৰস্ৰাৱৰ কষ্ট দূৰ হয়৷ দাঁত দুৰ্বল হ’লে বগৰীৰ ছাল নাইবা পাতৰ ৰস উলিয়াই সেই ৰসেৰে কুলু কুলু কৰিলে দাঁত সুস্থ হয়৷ অনৱৰতে ভাগৰ অনুভৱ কৰিলে বগৰীৰ গুড়ি খালে ভাগৰ কমে৷ বগৰীৰ কোমল পাত থেতেলিয়াই ৰস উলিয়াই সেই ৰস নিয়মিত ৩-৪ মাহ খালে শৰীৰৰ মেদ বা চৰ্বি কমে৷ মূৰ বিষালে বগৰীৰ শিপা থেতেলিয়াই খালে উপশম হয়৷ প্ৰনিধানযোগ্য যে আমি বতৰৰ ফলবোৰ খোৱাটো নিতান্তই প্ৰয়োজনীয়। সেয়েহে আহক, প্ৰকৃতিয়ে প্ৰদান কৰা এনে এক সৰ্বগুণসম্পন্ন ফল বগৰী খাই আমাৰ শৰীৰটোক প্ৰয়োজনীয় পুষ্টি আহৰণত সহায় কৰোঁ।