বৰ্তমান সময়ত আটাইতকৈ বেছিকৈ হোৱা ৰোগসমূহৰ ভিতৰত অন্যতম হৈছে ডায়েবেটিছ৷ এই ৰোগে কেৱল বয়োজ্যেষ্ঠসকলকে নহয়, উঠি অহা যুৱ প্ৰজন্মকো স্পৰ্শ কৰিছে৷ সাধাৰণতে দুৰ্বল জীৱনশৈলী, অনিয়মীয়া খোৱা-বোৱা, আৰামপ্ৰিয় জীৱন, আনুবংশিক কাৰণ আদিবোৰৰ ফলত ডায়েবেটিছ ৰোগ হ’ব পাৰে৷ সেয়েহে ডায়েবেটিছ ৰোগীয়ে শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰি ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ৷ কিয়নো শৰীৰত তেজৰ শৰ্কৰাৰ স্তৰ বৃদ্ধি হ’লে ই মাৰাত্মক ৰূপ ল’ব পাৰে৷ এই ক্ষেত্ৰত ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ খাদ্যৰ বিশেষ যতন লোৱাটো অতি আৱশ্যক৷ ইয়াৰ বাবে তুলসী অত্যন্ত কাৰ্যকৰী৷ কিয়নো তুলসীৰ পাতত ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰখা উপাদান মজুত আছে৷ তুলসীৰ পাতে শৰীৰৰ তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে লগতে অতিৰিক্ত শৰ্কৰা শৰীৰৰ পৰা বাহিৰ কৰাত সহায় কৰে৷ জানো আহক– ডায়েবেটিছ ৰোগীয়ে তুলসীৰ ৰস গ্ৰহণ কৰাৰ পদ্ধতিসমূহ–
(১) প্ৰতিদিনে পুৱা খালী পেটত ৩-৪টা তুলসীৰ পাত চোবাই খাব লাগে৷ ইয়াৰ পৰা যথেষ্ট লাভৱান হ’ব৷
(২) ৰাতি এগিলাচ পানীত কেইটামান তুলসীৰ পাত তিয়াই থৈ দিয়ক৷ পুৱা উঠিয়েই তিয়াই থোৱা পাতকেইটা চোবাই খাওক৷
(৩) সদায় তুলসীৰ পাতৰ ৰস উলিয়াই চাহ বনাই খাওক৷ ইয়াৰ বাবে একাপ পানীত কমেও ৪-৫টা তুলসীৰ পাত যোগ দিয়ক আৰু পানীখিনি উতলাই লওক৷ এতিয়া গৰম পানীখিনিত অলপ মৌ মিহলাই সেৱন কৰিব৷ এইটো ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰখাৰ আটাইতকৈ বেছি কাৰ্যকৰী পদ্ধতি৷