কেৰালাত ১১জনৰ শৰীৰত নিপা ভাইৰাছৰ সংক্ৰমণ

0
641
কৰ’না ভাইৰাছৰ দ্বিতীয় জোৱাৰ মাৰ নৌযাওঁতেই এইবাৰ ভয়াৱহ নিপা ভাইৰাছে কেৰালাত জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷ উত্তৰ কেৰালাৰ কোজিকোডত এটি বাৰ বছৰীয়া কিশোৰ এই ভয়াৱহ নিপা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ ৫ ছেপ্টেম্বৰত অতি কৰুণভাৱে মৃত্যুক সাবটি ল’বলগীয়া হয়৷ এইবিধ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত কিশোৰটি যোৱা এসপ্তাহৰ আগতে তীব্ৰ জ্বৰত আক্ৰান্ত হৈছিল৷ কোজিকোডত নিপা ভাইৰাছে সৃষ্টি কৰা ৰোগত এই ১২ বছৰীয়া কিশোৰৰ মৃত্যুৰ পাছতে মৃতকৰ সংস্পৰ্শলৈ অহা ২৫১জন লোকক আনৰ পৰা আঁতৰাই ৰখা হয় আৰু সুকীয়াকৈ আইছ’লেশ্যনৰ ব্যৱস্থা কৰা হয়৷ নিপা ভাইৰাছৰ ভাণ্ডাৰ বুলি ভবা বাদুলিৰ (Fruit bat) বাহ মৃত কিশোৰজনৰ বাস কৰা অঞ্চলত পোৱা গৈছে যদিও সংক্ৰমণৰ উৎস এতিয়াও স্পষ্ট হোৱা নাই৷ আঁতৰাই ৰখা ২৫১জন লোকৰ ভিতৰত ১১জনৰ শৰীৰত সংক্ৰমণৰ লক্ষণ দেখা গৈছে৷ অৱশ্যে লক্ষণ দেখাসকলকে ধৰি আটাইকেইজন সুস্থিৰ বুলি কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে জনাইছে৷ উল্লেখ্য যে কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণৰ ফলত ২০১৮ চনত উক্ত অঞ্চলতে ১৭ গৰাকী লোকৰ মৃত্যু হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here