আমাৰ জীৱনত পজিটিভ আৰু নিগেটিভ দুয়োটাই সমানে ক্ৰিয়া কৰি থাকে৷ জীৱনৰ বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হোৱাৰ মানসিকতাই এটা বেলেগ গতি লয়৷ সেয়ে ভাল-বেয়া, সঁচা-মিছা আদিবোৰ পুংখানুপুংখভাৱে অধ্যয়ন কৰি সিদ্ধান্ত লোৱা দৰকাৰ৷ যিসকল পজিটিভি মানসিকতাৰ লোক, তেওঁলোকে নিয়মিত এখন ৰুটিন মতে চলে৷ ৰুটিন মতে শৰীৰচৰ্চা কৰে৷
[১] যিসকলৰ সকলো সময়ত মনটো ইতিবাচক থাকে, তেওঁলোকে নিজকে প্ৰতিমুহূৰ্ততে নানা কামৰ মাজত ব্যস্ত ৰাখে৷ অন্য কোনো বেয়া চিন্তা-ভাবনা মনলৈ আহিবলৈ নিদিয়ে৷ বৰং কামৰ মাজতো ইতিবাচক কৰ্মই ক্ৰিয়া কৰি থাকে৷
[২] তেনে লোকৰ হাৰি যোৱাৰ ভয় নাথাকে৷ তেওঁলোকে জানে যে জীৱনত হৰা-জিকা দুয়োটাই থাকে৷ সেয়েহে দুয়োটাকে আনন্দৰে গ্ৰহণ কৰে৷ পজিটিভ মানসিকতাৰ লোকে সত্যক সহজে স্বীকাৰ কৰি লয়৷
[৩] নিজৰ চিন্তা-ভাবনাক লৈ সদায় সচেতন এই প্ৰকৃতিৰ লোকসকল৷ এদিনতে ধনী হোৱা, ডাঙৰ মানুহ হোৱাৰ সপোন দেখাৰ মানসিকতা থকা লোকৰ দৰে পজিটিভ মানসিকতাৰ লোকৰ মাজত দেখা নাযায়৷
[8] আমাৰ আশে-পাশে কিছু ভাল কিছু বেয়া সকলোবোৰ থাকে৷ কিন্তু আপুনি কোনটো গ্ৰহণ কৰিব, সেইটো আপোনাৰ সম্পূৰ্ণ নিজৰ সিদ্ধান্ত৷ যিসকল ইতিবাচক লোকৰ হয়, তেওঁলোকে সকলো সময়তে ভালটোহে আশা কৰে৷ বেয়াৰ মাজতো তেওঁলোকে আশাৰ ৰেঙনি দেখে৷
[৫] আনক হিংসা কৰা, অনাহকত খং কৰা, খিয়লা-খিয়লি আদি দূৰতে বিদূৰ কৰিবলৈ শিকিব লাগে৷ আমাৰ সকলো সময়তে যে ভালে থাকিব, তেনে নহয়৷ বাধা-বিপত্তি চেৰাই জীৱনৰ বাটত আগুৱাব পৰাটো অন্য এটা গুণ৷ বৰঞ্চ মনৰ দিশ ইতিবাচক থাকিলে জীৱনটো বহুতেই সহজ হৈ পৰে৷