স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে ভাৰত কভিড-১৯ৰ দ্বিতীয়টো ঢৌৰ পৰা এতিয়াও মুক্ত হোৱা নাই আৰু জনসাধাৰণে দেৱালী, ঈদ আৰু গণেশ চতুৰ্থীৰ দৰে উৎসৱ-পাৰ্বণবোৰ ঘৰতে পালন কৰা উচিত; বৃহৎসংখ্যক লোক লগ হৈ পালন কৰা অনুচিত৷ নিটি আয়োগৰ সদস্য আৰু কভিড-১৯ টাস্ক ফ’ৰ্চৰ মুৰববী ডাঃ ভি কে পালে কয় যে গণেশ চতুৰ্থী, দেৱালী আৰু ঈদ সমাগত৷ যোৱা বছৰৰ দৰে এই বছৰো এই উৎসৱবোৰ সীমিতভাৱে পালন কৰাৰ প্ৰয়োজন আৰু সকলোকে ঘৰত থাকিবলৈ আমি আৱেদন জনাইছোঁ৷ তেওঁ লগতে কয় যে যোৱা বছৰৰ দৰে উৎসৱবোৰ অনাড়ম্বৰভাৱে পালন কৰা প্ৰয়োজন৷ যিকোনো ৰাজহুৱা স্থানলৈ গ’লে মাস্ক পিন্ধাটো বাধ্যতামূলক৷ আই চি এম আৰৰ সঞ্চালকপ্ৰধান ডাঃ বলৰাম ভাৰ্গৱে কয় যে আমি এতিয়াও কভিড-১৯ৰ দ্বিতীয় ঢৌৰ মাজত আছোঁ আৰু সেয়ে আপোনালোকৰ অঞ্চলত কভিডৰ সকলো নিষেধাজ্ঞা অব্যাহত ৰাখিবলৈ দেশখনৰ সকলোকে আৱেদন জনাইছোঁ৷ কভিড-১৯ৰ এছ অ’ পি মানি চলক৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে গণ সমাৱেশক উৎসাহ যোগাব নালাগে আৰু গণ সমাৱেশত অংশ লোৱাটো যদি প্ৰয়োজনীয় তেন্তে সম্পূৰ্ণ টিকাকৰণ এটা পূৰ্বচৰ্ত হোৱা উচিত৷ অৰ্থাৎ দুটা টিকা নোলোৱাসকল জন সমাগম হোৱা ঠাইলৈ যোৱা অনুচিত৷